/asomiyapratidin/media/media_files/2024/12/10/5vq8PDN1yIyisbW2lAJF.jpg)
ডিজিটেল সংবাদ,বিলাসীপাৰা: চক্ৰ বিষয়া লালৰুৱৎকিম লুংতাৱৰ কৰ্মদক্ষতাৰ অভাব তথা কাৰ্যালয়ত কোনধৰণৰ অনুশাসন নথকাৰ সুযোগ লৈ বিলাসীপাৰা ৰাজহ চক্র বিষয়া কার্যালয়ত চলিছে একাংশ ঘোচখোৰ মণ্ডল-কর্মচাৰীৰ মইমতালি ৷ সাধাৰণ এটা কামৰ বাবে বহু লোকে বিলাসীপাৰা চক্র বিষয়া কার্যালয়লৈ বছৰৰ পিছত বছৰ ধৰি অহা-যোৱা কৰিবলগীয়া হৈ আহিছে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ সুবিধাৰ বাবে ভূমিৰ নামজাৰি, ভাগ-বাটোৱাৰা আদিৰ কাম অনলাইন পদ্ধতিৰ জৰিয়তে কৰাৰ ব্যৱস্থা কৰিছে ৷
ৰাজহ চক্র বিষয়া কার্যালয়ৰ কাম-কাজ স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্যৰে চৰকাৰে লোৱা পদক্ষেপক অংগুষ্ঠ প্রদর্শন কৰি একাংশ ঘোচখোৰ মণ্ডল-কর্মচাৰীয়ে সমগ্র ব্যৱস্থাটোকে অসাৰ প্রতিপন্ন কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, বিলাসীপাৰা চক্র বিষয়া কার্যালয়ত ঘোচখোৰ মণ্ডল আৰু কর্মচাৰীয়ে ভূমিৰ নামজাৰি আৰু ভাগ-বাটোৱাৰাৰ কামৰ নামত ধনদাবী কৰি আহিছে ৷ দাবী কৰা ধন আদায় নিদিলে বছৰৰ পিছত বছৰ ধৰি কার্যালয়তে ফাইল পেলাই থয় এইসকল অসাধু মণ্ডল-কর্মচাৰীয়ে ৷
ইয়াৰ উপৰি ধন আদায় নিদিয়া লোকৰ ভাগ-বাটোৱাৰা আৰু নামজাৰিৰ মণ্ডলে দিবলগীয়া তথ্য বিভিন্ন অজুহাত দেখুৱাই পিছুৱাই থাকে বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে ৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি, ভূমিৰ নামজাৰিৰ নামত বিলাসীপাৰা চক্র বিষয়া কার্যালয়ৰ মণ্ডলে সহায়কাৰীৰ জৰিয়তে ১ লাখ টকা দাবী কৰিছিল ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে প্রায় এবছৰ ধৰি নামজাৰিৰ ফাইল পেলাই থয়।
এনেদৰে বিলাসীপাৰা চক্র বিষয়া কার্যালয়লৈ বিভিন্ন কামৰ বাবে যোৱা লোকে বছৰৰ পিছত বছৰ ধৰি অহা-যোৱা কৰিবলগীয়া হৈ আহিছে ৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি, চক্র বিষয়া কার্যালয়ত কর্মৰত মণ্ডল প্ৰবীৰ কুমাৰ কৰ্মকাৰ,নলিনী ৰঞ্জন নাথ,নজৰুল ইছলাম,ধনঞ্জয় অধিকাৰী,অছিমুদ্দিন শ্বেখ, নমেছউদ্দিন আহমেদে কার্যালয়টো ভূমিৰ নামজাৰি, ভাগ-বাটোৱাৰা আদি কামৰ নামত ধন সংগ্রহ কৰি আহিছে ৷
উল্লেখ্য যে যোৱা ২০২২ চনৰ ১৭ ছেপ্তেম্বৰত বিলাসীপাৰাত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে অভিযান চলাই বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ জেষ্ঠ সহায়ক মাহাবুব মোল্লাক আটক কৰে। নিজ কাৰ্যালয়ৰ মাটি জমি সংক্ৰান্তত এজন আবেদনকাৰীৰ পৰা চাৰি হাজাৰ টকা উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে হাতে-লোটে আটক কৰাৰ পিছতো কাৰ্যালয়খনত এনে দুৰ্নীতিৰ দৃশ্য অতি সুলভ হৈ পৰিছে। বছৰ বছৰ ধৰি বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল, কানুনগোকে ধৰি আন বহুত কৰ্মচাৰীয়ে ৰাইজৰ পৰা মুক্তভাবে বুজন পৰিমাণৰ উৎকোচ গ্ৰহণ কৰাৰ দৈনন্দিন অভিযোগ উত্থাপিত হৈ আহিছে।
আনহাতে বিলাসীপাৰা সমজিলাখনত ই-খাজানা অনলাইন ব্যৱস্থাৰ জৰিয়তে ভূমি ৰাজহ ১০০ শতাংশ বাস্তৱায়িত কৰাৰ বাবে পঞ্জীয়ন কৰি সকলো ভূমি পট্টাদাৰে যিকোনো অনাদায় হৈ থকা ভূমি ৰাজহ পৰিশোধ কৰাৰ ওপৰত ধুবুৰী জিলা আয়ুক্ত দিৱাকৰ নাথে বিশেষ গুৰুত্ব আৰোপ কৰিছে। যদিও বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমিৰ পট্টাদাৰ সকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ই-খাজানা অনলাইন ব্যৱস্থা যোগে কাৰ্যালয়টোত দায়িত্বত থকা বিষয়া-কৰ্মচাৰীয়ে সহায় নকৰে।
কাৰ্যালয়ৰ বাহিৰত বেঙৰ ছাতাৰ নিচিনা গজি উঠা অবৈধ ভেণ্ডাৰৰ ওচৰত পঞ্জীয়ন প্ৰক্ৰিয়া কৰাৰ বাবে পঠিয়াই দিয়া হয়। অবৈধ ভেণ্ডাৰে এইসকল পট্টাদাৰৰ পৰা পঞ্জীয়নৰ নামত নিৰ্ধাৰিত ১০ টকা আদায় কৰাৰ বিপৰীতে ১০০ টকাকৈ মুকলি ভাবে ধন আদায় কৰি থকা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্রীৰ দুর্নীতিমুক্ত অসমৰ সপোনত হেঙাৰ হিচাপে থিয় দিয়া এইসকল দুর্নীতিগ্রস্ত মণ্ডল-কর্মচাৰীৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷