বিকশিত ভাৰত ৰাষ্ট্ৰীয় যুৱ নেতা সংবাদ ২০২৫ লৈ তিনি ছাত্ৰ নেতাক আমন্ত্ৰণ

বিকশিত ভাৰত ৰাষ্ট্ৰীয় যুৱ নেতা সংবাদ ২০২৫" অনুষ্ঠানলৈ নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্রতীম কলিতা, মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰলয় কুমাৰ বড়ো আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা হৃদয় জ্যোতি দাস

author-image
Asomiya Pratidin
New Update
ds

ডিজিটেল সংবাদঃ   ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত ১১ জানুৱাৰী পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ "বিকশিত ভাৰত ৰাষ্ট্ৰীয় যুৱ নেতা সংবাদ ২০২৫" অনুষ্ঠিত হব।

এই "বিকশিত ভাৰত ৰাষ্ট্ৰীয় যুৱ নেতা সংবাদ ২০২৫" অনুষ্ঠানলৈ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি তথা ছাত্ৰ নেতা মানস প্রতীম কলিতা, মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰলয় কুমাৰ বড়ো  আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা হৃদয় জ্যোতি দাস অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানতটিত সমগ্ৰ দেশৰ ২০০০ গৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উত্তৰ-পূবৰ পৰা "য়ুথ আইকন" ৰূপে আমন্ত্ৰণ পোৱা এই তিনিগৰাকী ছাত্ৰ নেতাক যাত্ৰাৰ পূৰ্বে বিভিন্নজনে শুভেচ্ছা জনাইছে।

বিকশিত ভাৰত