ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ পথত অসমবাসী !

সোৱণশিৰি নদীৰ ভয়াবহ জলপ্ৰলয়ৰ গ্ৰাসত পৰা গেৰুকামুখত সম্পূৰ্ণ প্ৰায় বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেতবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।
subansiri
subansiri
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে ভয়ংকৰ ঘটনা। সমগ্ৰ অসমৰ লগতে উত্তৰ অসমৰ বাবে অভিশাপ স্বৰূপ এই প্ৰকল্পৰ বিৰুদ্ধে বহু প্ৰতিবাদ সাৱ্যস্ত হৈ আহিছে।কিমান সুৰক্ষিত এই প্ৰকল্প। এই সন্দৰ্ভত গেৰুকামুখৰ পৰা অসমীয়া প্ৰতিদিনৰ বিশেষ প্ৰতিবেদন...

সোৱণশিৰি নদীৰ ভয়াবহ জলপ্ৰলয়ৰ গ্ৰাসত পৰা গেৰুকামুখত সম্পূৰ্ণ প্ৰায় বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেতবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । যোৱা ১৬ চেপ্টেম্বৰৰ কাহিলীপুৱাতে এন এইচ পি চি য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল ভাগিল গেৰুকামুখত ৷ ফলত প্ৰকল্পটোৰ ভিউ পইন্টলৈ যোৱা পথটোৰ এচোৱা খহি ডাইভাৰ্চন টানেলত সোমাল ৷

প্ৰকৃতিৰ ভয়ংকৰ কোপদৃষ্টিৰ ফলত বিগত কিছুদিন প্ৰায়েই নিৰ্মাণ কাৰ্য বন্ধ ৰখা বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ মূল বান্ধৰ ভিউ পইন্টলৈ যোৱা পথটো ডাইভাৰ্চন টানেল এচোৱা ভাগি পৰাৰ ফলত ভাঙি টানেলত পৰি যায় ৷

উল্লেখ্য যে যোৱা ২২ জুনত বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ দুই নং ডাইভাৰ্চন টানেল আৰু ভিউ পইন্টলৈ যোৱা পথটোত বৃহৎ ফাট প্ৰত্যক্ষ কৰা হৈছিল ৷ সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিনত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল ৷ নিৰ্মাণ সংস্হা এন এইচ পি চি য়ে সেই ফাট মেৰামতি কৰি ৰাখিবলৈ যত্ন কৰিছিল যদিও দুমাহ নৌহওঁতেই উক্ত ডাইভাৰ্চন টানেল ভাগি পথচোৱা খহি পৰে ৷

স্মৰ্ত্তব্য যে গেৰুকামুখৰ ঠুনুকা পাহাৰত ডাইভাৰ্চন টানেল নিৰ্মাণ কৰি সোৱণশিৰি বৃহৎ বান্ধ নিৰ্মাণৰ বাবে নদীৰ আৱদ্ধ পানী ভাগৰ গতি সলনি কৰি এই টানেলেদি পুনৰ নদী খনলৈ বোৱাই দিয়া হয় ৷ ভিউ পইন্টলৈ যোৱা পকী পথটোৰ এচোৱা এই টানেলৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৷ টানেল টো ভাগি যোৱাৰ ফলত পথচোৱা টানেলত খহি পৰে৷

বিগত সময়ত সোৱণশিৰি প্ৰকল্পত জলপ্ৰলয় দেখা গৈছিল ৷জলপ্ৰলয় শাম কাটিল যদিও পানী শুকাই যোৱাৰ পাছত ইটোৰ পিছত সিটো অঘটন বিতৰ্কিত নদী বান্ধটোত নৈমত্তিকভাৱে ঘটিয়েই আছে ৷ বান আৰু ভূমিস্খলনে সোৱণশিৰি প্ৰকল্পক ইমানেই প্ৰভাৱিত কৰিল যে এন এইচ পি চি য়ে জৰুৰী ভাৱে বৃহৎ নদীবান্ধটোৰ প্ৰকল্প ক্ষেত্ৰ লৈ যোৱা পথ বন্ধ কৰিবলৈ বাধ্য হৈছিল বিগত সময়ত ৷

ফলত নিৰ্মাণ কাৰ্য আগুৱাই নিয়াত বাধাৰ সন্মুখীন হোৱাৰ উপৰিও নিৰ্মাণ সংস্হা এন এইচ পি চি ৰ প্ৰকল্প ক্ষেত্ৰৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ আশংকাও ঘনীভূত হ’ল ৷ যেন প্ৰকৃতিৰ ৰোষত পৰিছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকলটো ৷ পুনৰ বিতৰ্কিত নদীবান্ধটোৰ ভিউপইন্টলৈ যোৱা সুৰংগ পথত সোঁফালে গেৰুকামুখ পাহাৰত টানেল ভাগি পথ খহি পৰা দৃশ্য প্ৰত্যক্ষ কৰে শ্ৰমিক সকলে ৷

সমতলৰ পৰা কেইবা ফুট উচ্চতাত নদী বান্ধটোৰ গাতে সংঘটিত এই ঘটনা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে শ্ৰমিক সকল ৷ উল্লেখ্য যে অলপতে গেৰুকামুখত হোৱা বান আৰু ভূমি স্খলনে ৰাষ্টা ঘাট তচনচ কৰি সোৱণশিৰি কোবাল জলধাৰাই বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ প্ৰায় মূল বান্ধটোকে বুৰাই পেলাইছিল ৷

প্ৰকৃতিৰ কোপ দৃষ্টিৰ পৰা বান্ধ নিৰ্মাণত ব্যৱহৃত সৰঞ্জাম সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ চ’মা আৰু পেটেল ইঞ্জিনিয়াৰিং নামৰ সংস্হা দুটাই সময়েই পোৱা নাছিল ৷নদীৰ প্ৰৱল সোঁতে মুল বান্ধৰ আন্তঃগাঁথনিত বেয়াকৈ প্ৰভাৱ পৰাৰ উপৰি বান্ধটোৰ আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ আশংকা কৰা হৈছিল এই জলপ্ৰলয়ৰ ফলত ৷

আনহাত ধাৰাষাৰ বৰষুণত বান্ধৰ কাষৰ পাহাৰৰ ভূমিস্খলনৰ ফলত ভিউ পইন্টলৈ যোৱা পথতো বন্ধ হৈ পৰিছিল ৷ ৷ইয়াৰোপৰি সেই পথৰ এচোৱা সোৱণশিৰিৰ কোবাল সোঁতে খহাই লৈ গৈছিল৷ এতিয়া বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস হৈছে ৷ ফলস্বৰূপে পুনৰ নিৰ্মাণ কাৰ্য আগুৱাবলৈ যত্নপৰ হৈছে এন এইচ পি চি ৷

কিন্তু এনে সময়তে প্ৰকল্পস্হলীত সংঘটিত এই ঘটনাই উত্তৰ অসমবাসীৰ ভয়াবহ বিপদৰ আগজাননী দিলে ৷ যোৱা চাৰিদিন ধৰি এন এইচ পি চি য়ে ভাগি যোৱা টানেলটো পুতিবলৈ যত্ন কৰি আছে যদিও সক্ষম হোৱা নাই ৷এই ঘটনাটোৱে বিশেষজ্ঞৰ মতামতৰ মতেই কোনো কাৰণতে গেৰুকামুখৰ ঠুনুকা পাহাৰত যে বৃহৎ নদীবান্ধ সুৰক্ষিত নহয় সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে ৷

বান্ধ নাভাগিলেও অদূৰ ভৱিষ্যতে গেৰুকামুখৰ মুখৰ গেদীয় শিলৰ পাহাৰে প্ৰায় ডেৰলাখ ঘন মিটাৰ পানী আৱদ্ধ হ’বলগীয়া সোৱণশিৰিৰ ৰিজাৰ্ভাৰৰ ভৰ কিমান দূৰ বহন কৰিব পাৰিব টাক লৈ প্ৰশ্নৰ উদ্বেগ হ’ল ৷ কাৰণ ১৯৫০ চনৰ বৰ ভঁুইকপত গেৰুকামুখত পাহাৰ খহি সোৱণশিৰি নদী বন্ধ হৈছিল ৷

বানপানীৰ পিছতেই এই দৃশ্য ই প্ৰমাণ কৰে যে কিমান বহন ক্ষমতা আছে বিতৰ্কিত বৃহৎ নদীবান্ধটো স্থাপন কৰিব খোজা গেৰুকামুখ পাহাৰত ৷ কিয়নো অসমৰ বিশেষজ্ঞই গেৰুকামুখৰ পাহাৰ ঠুনুকা বুলি কৈছিল ৷ আৰু সেই কথা প্ৰমাণ কৰে গেৰুকামুখত বাৰিষা সঘনাই হোৱা ভূমিস্খলনে ৷

উল্লেখ্য যে অহা ডিচেম্বৰ বা জানুৱাৰী মাহত প্ৰথম পৰ্যায়ত পাঁচ শ মেগাৱাট বিজুলী গেৰুকামুখৰ পৰা উৎপাদনৰ লক্ষ্য লৈছিল কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ে ৷ যোৱা ১৪ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে গেৰুকামুখ ভ্ৰমণ কৰি বিতৰ্কিত নদী বান্ধটোৰ নিৰ্মাণত সন্ত্তষ্টি প্ৰকাশ কৰিছিল ৷ পিছে প্ৰকৃতিৰ প্ৰতিকুলতাই সেই লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰিব সেই কথা নিশ্চিত হ’ল পুনৰ এবাৰ ৷

এই ঘটনাই এক ভয়াবহ বিপদৰ আগজাননী দিছে ৷ ইয়াৰ পাছতো এন এইচ পি চি য়ে পুনৰ এবাৰ এয়াও এক স্বাভাৱিক ঘটনা বুলি বিবৃতি দিছে এই সমূহ অঘটন উপেক্ষা কৰি ৷ স্মৰ্ত্তব্য যে গেৰুকামুখৰ পাঁচটা ডাইভাৰ্চন টানেলে ৪৫৫০ ঘন মিটাৰ পানী প্ৰতিছেকেণ্ডত বহন কৰে ৷২০২০ ৰ ভূমিস্খলৰ ফলত পাঁচ নম্বৰ টানেল বন্ধ হয় ৷ এতিয়া বন্ধ হ’ল দুই নম্বৰ টানেল ৷ফলত পানীৰ বহন ক্ষমতা ২০৬০ ঘন মিটাৰলৈ হ্ৰাস হ’ল ৷ যি কথা বিপজ্জনক ৷

লক্ষণীয় ভাৱে যি এন এইচ পি চিৰ টেকন’লজিয়ে এটা ডাইভাৰ্চন টানেল পৃথক আৰু সুৰক্ষিত কৰিব নোৱাৰে সেই এন এইচ পি নিৰ্মাণ কৰা বৃহৎ নদী বান্ধ কেনেকৈ সুৰক্ষিত তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৷জল বোমা সদৃশ এই বান্ধে আগন্তুক দিনত উত্তৰ অসমকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কলিয়াবৰলৈকে মহা বিপদ কঢ়িয়াব তাৰে ইংগিত স্পষ্ট হৈছে এই ঘটনাটোৰ পৰা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in