পূৰ্বৰ অটো ৰিক্সা চালক এতিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, দৰিদ্ৰতা, সন্তানৰ মৃত্যুৰ পৰা সাহসী সিন্দেৰ জীৱন বৃত্তান্ত…

পূৰ্বৰ অটো ৰিক্সা চালক এতিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, দৰিদ্ৰতা, সন্তানৰ মৃত্যুৰ পৰা সাহসী সিন্দেৰ জীৱন বৃত্তান্ত…

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব একনাথ সিন্দে। অটো ৰিক্সা চালক হিচাপে জীৱনৰ কেৰিয়াৰ আৰম্ভ কৰা সিন্দে বহু সময়ত বহু ঘাট-প্ৰতিঘাটৰ সন্মুখীন হ'বলগীয়া হৈছিল। সিন্দেৰ জীৱন, পৰিয়াল, শিক্ষা, ৰাজনীতি আদিৰ ওপৰত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন…

৩০ জুনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব লগা একনাথ চিন্দেৰ জন্ম হৈছিল ১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত । তেওঁৰ দেউতাকৰ নাম সম্ভাজী নৱলু চিন্দে আৰু তেওঁৰ মাতৃৰ নাম গঙ্গুবাই চিন্দে। একনাথ শিন্দেৰ পত্নী এগৰাকী ব্যৱসায়ী মহিলা । তেওঁৰ নাম লতা চিন্দে। তেওঁলোকৰ শ্ৰীকান্ত চিন্দে নামৰ এজন পুত্ৰ আছে।

বৰ্তমান, একনাথ চিন্দেৰ বয়স ৫৮বছৰ।  তেওঁৰ জন্মৰ সময়ত পৰিয়াল যথেষ্ট দৰিদ্ৰ আছিল যাৰ বাবে ১৬ বছৰ বয়সত তেওঁ অটো ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল আৰু দীৰ্ঘদিন ধৰি তেওঁ ৰিক্সা চলাইয়ে পৰিয়ালটোক আৰ্থিক ভাৱে সহায় কৰিছিল।ইয়াৰ লগতে তেওঁ টকা উপাৰ্জনৰ বাবে সুৰা তৈয়াৰ কৰা কাৰখানা এটাত কাম কৰা আৰম্ভ কৰিছিল।

উল্লেখ্য যে, ১৯৮০ চনত বলচাহেব থাকৰেৰ ভাষণ আৰু তেওঁৰ মতামতৰ দ্বাৰা প্ৰভাৱিত হৈ কে একনাথ চিন্দে শিৱসেনা দলত যোগদান কৰিছিল। সেই সময়ত  শিৱসেনা ভাৰতৰ একমাত্ৰ দল আছিল যি কঠোৰ হিন্দুত্বৰ বিষয়টোৰ বাবে জনাজাত আছিল।

২০০৪ চনত, একনাথ চিন্দে প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ সুযোগ পাইছিল আৰু বাল থাকৰেৰ মৃত্যুৰ পিছত তেওঁ মহাৰাষ্ট্ৰত এজন কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে পৰিচিত হৈ পৰিছিল।

অৱশ্যে  যোৱা এক বা দুই বছৰ ধৰি, উদ্ধৱ ঠাকৰে আৰু তেওঁৰ পুত্ৰৰ মৰ্যাদা  একনাথ চিন্দেতকৈ অধিক বৃদ্ধি পাইছে আৰু সেয়েহে একনাথ চিন্দে দলটোৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে।

শিক্ষা

 সিন্দেক প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাইস্কুলত নামভৰ্তি কৰিছিল যদিও আধাতে পঢ়া এৰিছিল। পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু পিছত শিৱসেনাত যোগদান কৰিছিল।

২০১৪ চনত শিৱসেনা আৰু বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত  তেওঁ পুনৰ অধ্যয়ন সম্পূৰ্ণ কৰে।তেওঁ মাৰাঠী আৰু ৰাজনীতি বিভাগত গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

একনাথ সিন্দেৰ ৰাজনীতিৰ গুৰু আছিল আনন্দ দিঘে।

  • প্ৰথমবাৰৰ বাবে সিন্দে ১৯৯৭ চনত ঠানে নগৰ নিগমৰ পাৰ্ষদ হিচাপে শপত লৈছিল।
  • সদনৰ নেতা হিচাপে ২০০১ চনত নিৰ্বাচিত হয়।
  • ২০০২ চনত পুনৰ ঠানে নগৰ নিগম পদৰ বাবে নিৰ্বাচিত হয়।
  • ২০০৪ চনত তেওঁ মহাৰাষ্ট্ৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।
  • ২০০৫ চনত শিৱসেনা দলৰ দ্বাৰা ঠানে জিলা প্ৰমুখ হিচাপে নিযুক্তি লাভ কৰে।
  • ২০০৯ আৰু ২০১৪ চনত পুনৰ বিধায়ক হয়।
  • মাজতে তেওঁ বিপক্ষৰ নেতাও আছিল।
  • ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তেওঁ কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।
  • ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তেওঁ ঠানে জিলাৰ সংৰক্ষণ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
  • ২০১৯ চনত তেওঁ পুনৰ বিধানসভাত কাৰ্যনিৰ্বাহ কৰে।
  • ২০১৯ চনত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।
  • ২০১৯ চনৰ পৰা ২০২০ চনলৈ তেওঁ মন্ত্ৰী হিচাপে থাকে।

পৰিয়াল

২০০০ চনৰ ২ জুনত সিন্দে ১১ বছৰীয়া কন্যা আৰু ৭ বছৰীয়া পুত্ৰৰ লগত ফুৰিবলৈ গৈছিল। সেই সময়ত সিন্দে ভাঙি পৰিছিল যদিও পাছলৈ তেওঁ নিজকে পুনৰ সাহসী কৰি তোলে। আৰু এক নাও দুৰ্ঘটনাত পানীত ডুবি মৃত্যু হয়। অৱশ্যে এতিয়া তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে।

সম্পত্তি

২০১৯ চনৰ তথ্য অনুসৰি একনাথ সিন্দেৰ প্ৰায় ৭ কোটি ৮২ লাখ টকাৰ সম্পত্তি আছে। তেওঁৰ বেংকত জমা ধনৰ পৰিমাণ ২৮১০০০। লগতে তেওঁৰ ওচৰত থকা নগদ ধনৰ পৰিমাণ ৩২৬৪৭৬০ টকা। ইয়াৰ উপৰিও তেওঁৰ ওচৰত আন ৩০,৫৯২ টকা আছে।

ইয়াৰোপৰি এল আই চি আৰু আন পলিচি মিলি তেওঁৰ ওচৰত প্ৰায় ৫০,০৮,৯৩০ টকা আছে। বাহন আৰু বিভিন্ন সামগ্ৰী মিলি তেওঁৰ ওচৰত ৮০০০০০০ টকাৰ সম্পত্তি আছে।  মাটিৰ মূল্য প্ৰায় ২৮০০০০০। ইয়াৰোপৰি তেওঁৰ ওচৰত ৩০০০০০০ টকাৰ ব্যৱসায়িক সম্পত্তি আছে।

উল্লেখ্য যে, একনাথ সিন্দে শিৱসেনাৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল যদিও লাহে লাহে তেওঁ গুৰুত্বহীন অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে লাহে লাহে সৃষ্টি হৈছিল বিসম্বাদৰ। এই বিসম্বাদৰ পৰ্যায় এনে এটা পৰ্যায়ত উপনীত হয় যে তেওঁ একাংশ বিধায়কৰ সৈতে আহি বাহৰ পাতে গুৱাহাটীত।

গুৱাহাটীত কেইবাদিনো থকাৰ পাছত তেওঁলোক ৰাওনা হয় গোৱা আৰু পিছত উপস্থিত হয় মহাৰাষ্ট্ৰ। অটো ৰিক্সা চালক হিচাপে জীৱনৰ চলোৱা একনাথ সিন্দে এতিয়া চলাব এখন ৰাজ্য । আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব একনাথ সিন্দে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in