ৰঙাপৰাত বাইক চোৰক আটক

ৰঙাপৰাৰ বিভিন্ন স্থানৰ পৰা  মটৰচাইকেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলৰ এজন সদস্যক আটক কৰিছে ৰঙাপৰা আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
319

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাৰ বিভিন্ন স্থানৰ পৰা  মটৰচাইকেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলৰ এজন সদস্যক আটক কৰিছে ৰঙাপৰা আৰক্ষীয়ে ৷ চাইনচা বসুমতাৰী নামৰ চোৰটোক ৰঙাপৰাৰ ঠাকুৰবাৰীৰ পৰা ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে৷ ৷

Advertisment

ঢেকিয়াজুলিৰ চাইনচা বসুমতাৰী নামৰ বাইক চোৰটোৱে ৰঙাপৰাৰ খিৰনীবস্তীৰ এটি ভাড়াঘৰত থাকি চলাই গৈছিল এই চুৰিকাণ্ড ৷ উল্লেখ্য যে আজি ডেৰমাহ পূৰ্ৱে ৰঙাপৰাৰ ৮ নং ৱাৰ্ডৰ বিশাল ছেত্ৰী নামৰ লোকজনৰ  AS -12- U- 7535 নম্বৰৰ মটৰচাইকেলখন নিশা ঘৰৰ পৰা চুৰি কৰি নিছিল উক্ত চোৰটোৱে ৷

শোণিতপুৰৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি আহিছিল চাইনচা বসুমতাৰীৰ দলটিয়ে ৷ চাইনচা বসুমতাৰীৰ নেতৃত্বৰ বাইক চোৰৰ দলটোৰ আন সদস্যক বিচাৰি ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

অসম আৰক্ষী জামুগুৰিহাট বাইক চোৰ