গৈছিল কাম কৰিবলৈঃ বাইক দেখি ৰ'ব নোৱাৰিলে চোৰ অনুজ...

বোকাখাতত সোমবাৰে পুৱা এটা বাইক চোৰক কৰায়ত্ত কৰে স্থানীয় ৰাইজে। বোকাখাতৰ হাস্পাতাল পথৰ পৰা কৰায়ত্ত কৰে চোৰটোক। ধৃত চোৰটোৰ নাম অনুজ কৰ্মকাৰ।

author-image
Asomiya Pratidin
New Update
গৈছিল কাম কৰিবলৈঃ বাইক দেখি ৰ'ব নোৱাৰিলে চোৰ অনুজ...

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত সোমবাৰে এটা বাইক চোৰক কৰায়ত্ত কৰে স্থানীয় ৰাইজে। বোকাখাতৰ হাস্পাতাল পথৰ পৰা কৰায়ত্ত কৰে চোৰটোক। 

Advertisment

গোলাঘাটৰ পাঁচ আলিৰ পৰা ধৃত অনুজ কৰ্মকাৰ নামৰ চোৰটোৱে সৰুপথাৰৰ ভাস্কৰ বৰাৰ ডিস্কভাৰ বাইকখন চুৰ কৰি বোকাখাতলৈ পলায়ন কৰিছিল।

বাইকখনৰ গৰাকী ভাস্কৰ বৰায়ে জানিবলৈ দিয়া অনুসৰি সোমবাৰে পুৱাৰ ভাগত এখন গাড়ীৰ সহায়কাৰী হিচাপে লৈ গৈছিল চোৰ অনুজ কৰ্মকাৰক। পিছে ভাস্কৰ বৰাৰেই বাইকখন লৈ পলায়ন কৰিছিল চোৰটোৱে।

স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীক চমজাই দিয়ে চোৰটোক।

বোকাখাত বাইক চোৰ