/asomiyapratidin/media/media_files/2025/05/27/itmuvEpzQubdBLOcQtfm.jpg)
আৰক্ষীৰ জালত গভাইত বাইক চোৰ
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ বগৰীবাৰীত আটক কৰা হৈছে গভাইত বাইক চোৰক। আটক কৰা বাইক চোৰটো চাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। ধৃত চোৰটোৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত জহৰমুৰা গাঁৱত।
চোৰটোৱে দীৰ্ঘ দিনৰ পৰাই আত্ম গোপন কৰি আছিল। এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই চোৰটো আটক কৰে বগৰীবাৰী আৰক্ষীয়ে। বাইক চোৰটোৰ আটক কৰাৰ লগতে আৰক্ষীয়ে এখন মটৰ চাইকেলো উদ্ধাৰ কৰে। উদ্ধাৰ কৰা এই মটৰ চাইকেল খনৰ নম্বৰ হ'ল এএছ-১৮-পি-৮২৭৬। আটকধীন চোৰটোক বগৰীবাৰী আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।