বটদ্ৰৱাত বিকশিত কৃষি সংকল্প অভিযান

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত “বিকশিত কৃষি সংকল্প অভিযান” কাৰ্যসূচী মঙলবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰু ভোমোৰাগুৰিত অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীত অঞ্চলৰ শ শ মহিলা আৰু পুৰুষ কৃষকে উৎসাহজনকভাৱে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বিকশিত কৃষি সংকল্প অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱা : ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত “বিকশিত কৃষি সংকল্প অভিযান” কাৰ্যসূচী মঙলবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰু ভোমোৰাগুৰিত অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীত অঞ্চলৰ শ শ মহিলা আৰু পুৰুষ কৃষকে উৎসাহজনকভাৱে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল প্ৰায় ৭০০ খন জিলাৰ ১.৫ কোটি কৃষকক উন্নত কৃষি প্ৰযুক্তি, খাৰুৱা শস্যৰ সঠিক ব্যৱহাৰ, মাটিৰ স্বাস্থ্য পৰিচয় আৰু বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে সজাগ কৰা। অনুষ্ঠানত কৃষি বিজ্ঞানী, গাঁও পঞ্চায়তৰ সদস্য, পশুচিকিৎসক, সামাজিক বন বিভাগ, মৎস্য, চিকিৎসা, সামাজিক কল্যাণ, ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান আৰু উদ্যানপালন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। 

বটদ্ৰৱাত বিকশিত কৃষি সংকল্প অভিযান

সভাসমূহত চৰকাৰে গ্ৰহণ কৰা কৃষি উন্নয়নমূলক নীতি আৰু আয় বৃদ্ধিৰ পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। তাৰোপৰি এই অভিযানৰ জৰিয়তে বটদ্ৰৱা আৰু ভোমোৰাগুৰি আঞ্চলৰ প্ৰায় ৫০০ গৰাকী কৃষকে সক্ৰিয়ভাৱে অংশ লৈ গাঁওসমূহক ‘বিকশিত কৃষক গাঁও’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগবঢ়ায়। 

যাৰ মাধ্যমে আয় আৰু আত্মনির্ভৰশীলতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হ’ব। বটদ্ৰৱা সৰুহিছা মুকলি মঞ্চত অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে "আমাৰ কৃষিক উন্নত আৰু বিকশিত কৰা লক্ষ্যৰে এই অভিযান চলোৱা হৈছে, যাতে খেতিয়কসকলে ইয়াৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰি, লাভবান হব পাৰে" বুলি প্ৰকাশ কৰে। 

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, সামুহিক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দাৰ ৰাজমাউলি পাৰনা(perna), মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ জেষ্ঠ বিজ্ঞানী হিৰন্য কুমাৰ দেৱনাথ, সাংবাদিক দিব্যজ্যোতি বৰুৱা, মোস্তাফা চেলিম, নিতুমনি গোস্বামী, গাঁও প্ৰধান খগেশ্বৰ বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ শেষত সমাজকৰ্মী ৰাজীৱ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

বটদ্ৰৱা