/asomiyapratidin/media/media_files/2025/03/18/9abjAmgpPaNj4UqQc9ko.jpg)
ডিজিটেল ডেস্কঃ দুৰ্নীতি আৰু অনিয়মকে নিয়ম কৰি পেঞ্চন সঞ্চালকালয় পৰিচালনা কৰা বিকাশ দাসৰ বিপদ আৰু বাঢ়িল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৭মাৰ্চ, ২০২৫ত বিকাশ দাসৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ তত্বাৱধানত এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰিচালিত হোৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৰাজহুৱা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্ব লোৱাৰে পৰা জিলাই জিলাই দালালৰ জৰিয়তে দুৰ্নীতি আৰু অনিয়মৰ বেহা মেলি আহিছে বিকাশ দাসে। উল্লেখ কৰা প্ৰয়োজন যে, এই বিকাশ দাসৰ সমগ্ৰ কূৰ্কৃতিৰ তথ্য প্ৰথমৰে পৰাই বিস্তাৰিতভাৱে প্ৰকাশ হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেলত। এই ধাৰাবাহিক বাতৰিৰ পিছতে পলমকৈ হলেওঁ মুখ্যমন্ত্ৰীয়ে এই তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।
অহা ২১মাৰ্চ, ২০২৫তাৰিখৰ প্ৰথম পৰ্যায়ৰ তদন্ত হিচাপে পেঞ্চন সঞ্চালকালয়ৰ হিয়েৰিং গ্ৰহণ কৰিব তদন্তকাৰী গোটে। তাৰ পিছতে পৰ্যায়ক্ৰমে এই তদন্ত আগবাঢ়িব। ইফালে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিলেও, এই তদন্ত কিমান নিৰপেক্ষ হব তাক লৈও সন্দেহ প্ৰকাশ কৰিছে একাংশই।
কিয়নো বিকাশ দাসৰ বিৰুদ্ধে তদন্ত চলিব যদিও বৰ্তমানো পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্বতে আছে তেওঁ। নিয়ম অনুসৰি, যিকোনো বিষয়া বা কৰ্মচাৰীৰ বিষয়ে যেতিয়া তদন্ত ঘোষণা কৰা হয় , উক্ত সময়খিনিত তেওঁ সাময়িকভাৱে অব্যাহতি বা সেই বিভাগৰ পৰা আতঁৰাই ৰখা হয়। কিন্তু এনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিকাশ দাসৰ ক্ষেত্ৰত। গতিকে এনে হোৱাৰ বাবে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত বিকাশ দাসৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰিছে একাংশই।