ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটত বীৰ লাচিত সেনা, অসম, গোলাঘাট জিলা সমিতিয়ে সন্মান জনালে প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক। বীৰ লাচিত সেনাই দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা লাচিত দিৱস উপলক্ষে বিকাশ শৰ্মাৰ সোঁৱৰণত উছৰ্গা কৰে মূল তোৰণ।
গোলাঘাটৰ জোনাকী নগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত লাচিত দিৱসত বিকাশ শৰ্মাৰ সোঁৱৰণত উছৰ্গা কৰা মূল তোৰণখন প্ৰয়াত বিকাশ শৰ্মাৰ পুত্ৰ অংকুৰ বিকাশ শৰ্মা আৰু কন্যা অদিতি বিকাশ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰি আৱেগিক হৈ উচুপি উঠে।
উল্লেখ্য যে,বীৰ লাচিত সেনাই পালন কৰা লাচিত দিৱসৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা পতাকা উত্তোলন কৰে বীৰ লাচিত সেনা,অসম, গোলাঘাট জিলা সমিতিৰ সভাপতি নৱজ্যোতি শৰ্মাই।উদযাপন সমিতিৰ সভাপতি পৰিক্ষীত শইকীয়াই মহাবীৰ লাচিতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ পাতনি মেলে উদযাপন সমিতিৰ যুটীয়া সম্পাদক গিৰীন বৰা আৰু ৰাজ আহমেদে।
বীৰ লাচিত সেনা, অসমৰ যুটীয়া সচিব ৰাজা কলিতাই লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ অন্তত গোলাঘাট নগৰৰ মাজেৰে বাহিৰ কৰা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰশাসনীয় সচিব শৃংখল চলিহাই।