বিজনীত আৰক্ষী-এছএছবিৰ যৌথ অভিযানঃ সুৰা, হস্ত নিৰ্মিত বন্দুকসহ এজনক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ বিজনীৰ ২ নং দাৰাঙ্গাৰ আনন্দ বজাৰত মঙ্গলবাৰে এছ এছ বি আৰু আৰক্ষীয়ে যৌথভাবে অভিযান চলাই এটা হস্ত নিৰ্মিত বন্দুকসহ এজন লোকক গ্ৰেপ্তাৰ কৰে।

author-image
Tushar Pratim
New Update
বিজনীত আৰক্ষী-এছএছবিৰ যৌথ অভিযানঃ সুৰা, হস্ত নিৰ্মিত বন্দুকসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বিজনীৰ ২ নং দাৰাঙ্গাৰ আনন্দ বজাৰত মঙ্গলবাৰে এছ এছ বি আৰু আৰক্ষীয়ে যৌথভাবে অভিযান চলাই এটা হস্ত নিৰ্মিত বন্দুকসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। এছ এছ বি আৰু আৰক্ষীৰ যৌথ অভিযানত বন্দুকসহ গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম সুজিৎ দাস(৪২)। 

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাজলগাঁওস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি ১৫ নং বেটেলিয়ানৰ বিজনীৰ ধোলাস্থিত শিবিৰৰ এছ এছ বি আৰু বিজনীৰ আৰক্ষীয়ে ২ নং দাৰাঙ্গাৰ সুজিৎ দাসৰ বাসগৃহত অভিযান চলাই এটা হস্ত নিৰ্মিত বন্দুক, ১৬ টা বিয়েৰৰ বটল, ২৫ টা সুৰাৰ বটল জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে সুজিৎ দাসক। 

ধৃত সুজিৎ দাস পেছাত এগৰাকী গেলামাল দোকানী। সুজিৎ দাসে কি কাৰণত নিজৰ বাসগৃহত বন্দুক ৰাখিছিল সেয়া জানিব পৰা নাই। ঘটনা সংক্ৰান্তত বিজনীৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

সুৰা বিজনী