/asomiyapratidin/media/media_files/2025/02/02/kYIFVASLQidwSGrnhFpj.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ গেৰুৱা দলৰ প্ৰতি মোহভংগ হ’ল বিজনী পৌৰসভাৰ উপ-পৌৰপতি যতীন্দ্ৰ প্ৰসাদ সৰকাৰৰ । বিজেপি দলক সাংগঠনিকভাৱে শক্তিশালী কৰা পুৰণি কৰ্মী এতিয়া দলৰ মজিয়াতে গুৰুত্বহীন হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপি দল ত্যাগ কৰে চিৰাং জিলাৰ বিজনী চহৰৰ বিজেপি কৰ্মী তথা বৰ্তমান বিজনী পৌৰসভাৰ উপ পৌৰপতি যতীন্দ্ৰ প্ৰসাদ সৰকাৰে ।
বিজনী চহৰৰ বিজেপি নেতা তথা বিজনী পৌৰসভাৰ উপ পৌৰপতি যতীন্দ্ৰ প্ৰসাদ সৰকাৰে আজি বিজেপি দলৰ প্ৰতি আস্থা হেৰুৱাই চিৰাং জিলাৰ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। এই সন্দৰ্ভত দেওবাৰে বিজনী চহৰৰ নিজ বাসভৱনত যতীন্দ্ৰ প্ৰসাদ সৰকাৰে এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত যতীন্দ্ৰ প্ৰসাদ সৰকাৰে বিজেপিৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে যোৱা ২০০৮ বৰ্ষৰ পৰাই বিজেপি দলৰ বেয়া দিনবোৰত দলৰ হৈ নিষ্ঠাৰে কাম কৰি অহাৰ কথা সদৰী কৰে । পূৰ্বতে বিজেপি দলত নীতি আদৰ্শ আছিলে কিন্তু বৰ্তমানৰ বিজেপিৰ কোনো নীতি আদৰ্শ নাই এতিয়া কেবল নামতহে বিজেপি দল হৈ আছে বুলি মন্তব্য কৰে যতীন্দ্ৰ প্ৰসাদ সৰকাৰে ।
সংবাদমেলত পূৰ্বতেই বিজেপিৰ পৰা পদত্যাগ কৰা সুভাইঝাৰ মণ্ডলৰ প্ৰাক্তন উপ সভাপতি ৰাজু সৰকাৰ, প্ৰাক্তন কাৰ্যালয় সম্পাদক মধুসুধন সাহা, বিজেপিৰ সুভাইঝাৰ মণ্ডলৰ অ বি চি মৰ্চাৰ প্ৰাক্তন সভাপতি মিঠুন বসাক, এছ চি মৰ্চাৰ প্ৰাক্তন উপ সভাপতি ৰামাৰহি দাস উপস্থিত থাকে ।
উল্লেখ্য যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজনী পৌৰসভাৰ উপ পৌৰপতি তথা বিজেপি নেতা যতীন্দ্ৰ প্ৰসাদ সৰকাৰৰ পদত্যাগ কৰা বিষয়টো লৈ চিৰাং জিলা বিজেপিৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।