বিজনীৰ অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ দেহাৱসান

ভূপেন দাস ওৰফে বাবলা গুৱাহাটী চিকিতসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মাজনিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।ভূপেন দাস ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ ভাতৃ।

author-image
Asomiya Pratidin
New Update
ংমমম

ডিজিটেল সংবাদ, চিৰাং:  বিজনী চহৰৰ নিৱাসী অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাস ওৰফে বাবলা গুৱাহাটী চিকিতসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মাজনিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। ভূপেন দাস ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ ভাতৃ।

Advertisment

উল্লেখ্য যে ভূপেন দাস দীৰ্ঘদিনৰ পৰা যকৃতৰ ৰোগত আক্ৰান্ত আছিল। ভূপেন দাস অসম ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, বিজনী জয়কিষাণ ক্লাবৰ সাধাৰণ সম্পাদক, বিজনী জিলা ক্ৰীড়া সন্থাৰ সদস্য, বিজনী আঞ্চলিক ৰঙালী বিহু, বিজনী হলী চাইল্ড স্কুলৰ লগতে বিজনীৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

মৃত্যুৰ সময়ত তেখেতে পত্নী,পুত্ৰ, কন্যাৰ লগতে দুই ককায়েক, তিনি গৰাকী বায়েক সহ অলেখ গুণমুগ্ধ লোকক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত বিজনী আঞ্চলিক ছাত্ৰ সন্থা, বিজনী লক্ষ্মী পূজা কমিটী, বিজনী জয়কিষাণ ক্লাবৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ গভীৰ শোক প্ৰকাশ কৰিছে।

 

বিজনী