গোমোঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি

শিৱসাগৰ গোমোঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে। উল্লেখযোগ্য যে, দহদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

author-image
Asomiya Pratidin
New Update
গোমোঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ গোমোঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে। উল্লেখযোগ্য যে, দহদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শিৱসাগৰ গোমোঠা গাঁৱত গোমোঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত আয়োজিত এই দহদিনীয়া কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিহুনাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দিয়া হৈছিল ৷ ঢোলৰ চেঁৱে চেঁৱে প্ৰতিগৰাকী নাচনীয়ে কঁকাল ভাঙি বিহু নাচৰ প্ৰশিক্ষণ লোৱাৰ সমান্তৰালভাৱে ঢুলীয়া সকলো ব্যস্ত হৈ পৰিছিল ঢোল বাদন কৰ্মশালাত ৷ 

ইফালে এই প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন ঠাইত অনুষ্ঠিত হ'বলগীয়া বিহুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে প্ৰশিক্ষাৰ্থীসকল। 

bihu