/asomiyapratidin/media/media_files/2025/04/02/Fnm11O8trO3CgeKujz0e.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁৱৰ অন্যতম সামাজিক- সাংস্কৃতিক অনুষ্ঠান "গান্ধাৰৰ" উদ্যোগত বুধবাৰে ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত কলংপৰীয়া শিল্পী প্ৰয়াত দিগেন মহন্তৰ সোঁৱৰণত সদৌ অসম বিহুৰ নাচৰ বিৰাট আখৰাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি বিহু নাচ, জেং বিহু, বিহু নাম, ঢোল আৰু পেঁপাবাদন কৰ্মশালা অনুষ্ঠিত হয়।
বিয়লিৰে পৰা অনুষ্ঠিত হোৱা বিহু কৰ্মশালাখন বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি পল্লৱ জ্যোতি মহন্তই। কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট বিহুশিল্পী পদুম প্ৰসাদ শইকীয়াই ভাষণত কয়- বিহু অসমৰ জাতীয় অনুষ্ঠান।এগৰাকী সফল বিহুৱতী হ’বলৈ হ’লে যথেষ্টখিনি জ্ঞান, অৰ্হতা, অভিজ্ঞতা আৰু পাৰদৰ্শিতা থাকিব লাগিব। সফল বিহুৱতী হ’বলৈ হ’লে বহুখিনি উপাদানৰ প্ৰয়োজন। সামগ্ৰিকভাৱে বিহুৰ তাৎপৰ্য, দৰ্শনৰ পৰা আৰম্ভ কৰি বিহুৰ যিটো অৰ্থৱহ ৰূপ, সেই ৰূপটোক আমি অনুধাৱন কৰিবলৈ শিকিব লাগিব।
গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানত বিহু শিল্পী পদুম প্ৰসাদ শইকীয়াই ভাষণত আৰু কয়- বিহুনাচ বুলি ক’লে কেইটামান নিৰ্দিষ্ট ভংগিমা, ঢোলৰ চেও, চেপত নচা নাচ নহয়। তাহানিতে আমি গছ তলত, বৰ আঁহতৰ তলত নাচিছিলো। তেতিয়া নাচ বেলেগ আৰু এতিয়া মঞ্চৰ নাচ বেলেগ।
/asomiyapratidin/media/media_files/2025/04/02/SyvxyBQOSeituprZncFO.jpg)
এগৰাকী সফল বিহুৱতী হোৱাৰ ক্ষেত্ৰত প্রশিক্ষাৰ্থীসকলক সদায় প্ৰচেষ্টা অব্যাহত ৰাখিবৰ বাবে ভাষণত শইকীয়াই আহ্বান জনায়। উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক শোণিধৰ বৰাই ভাষণ প্ৰদান কৰে। কৰ্মশালাৰ অনুষ্ঠানটোত প্রশিক্ষক বিশিষ্ট বিহুৱতী চয়নিকা কাশ্যপ, বিশিষ্ট বিহু শিল্পী পদুম প্ৰসাদ শইকীয়া, বাবুল বৰা,চন্দ্ৰ শইকীয়া, আনন্দ শইকীয়া, পবিত্ৰ বৰা, ভুৱন চন্দ্ৰ দাস, বিশিষ্ট অভিনেতা, পৰিচালক দিব্য জ্যোতি শইকীয়া, অৱসৰী প্ৰধান শিক্ষক নাৰায়ণ বনিয়া, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰবোধ কুমাৰ বৰা, দীপিকা শইকীয়া, পুষ্প শইকীয়া, প্ৰগতি মহন্ত আদিক সম্ভাষণ জনোৱা হয়।
কৰ্মশালাত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতেই ফুল চেং শীৰ্ষক গীতৰ লগতে গুণ গুণ, ৰূপহী অসমী আই শীৰ্ষক দুটি গীত উন্মোচন কৰা হয়।
উল্লেখযোগ্য যে, কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে অহা ১৯ এপ্ৰিলত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা, সম্বৰ্ধনা, অভিধা প্ৰদান অনুষ্ঠান আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us