চতিয়াৰ ঐতিহ্যমণ্ডিত মাধুৰী আঁহতৰ তলত বিহু কৰ্মশালা

অসমৰ প্ৰথমখন মুকলি বিহু মেলা বুলি খ্যাত চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ১৫ দিনীয়া বিহু কৰ্মশালা।

author-image
Asomiya Pratidin
New Update
বিহু কৰ্মশালা

ডিজিটেল সংবাদ, জামুগুৰিহাট : অসমৰ প্ৰথমখন মুকলি বিহু মেলা বুলি খ্যাত চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু উদযাপন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ১৫ দিনীয়া বিহু কৰ্মশালা। আনুষ্ঠাননিকভাৱে এই কৰ্মশালা মুকলি কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

কৰ্মশালা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিখ্যাত ঢুলীয়া সোমনাথ বড়া। সোমনাথ বড়াৰ ঢোলত আঙুলিৰ বুলনিয়ে সকলোকে আপ্লুত কৰে ৷

উল্লেখযোগ্য যে, এই কৰ্মশালাতে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগত একেলগে সোমনাথ বড়াই বিহুনাম পৰিৱেশন কৰে। ইফালে এই কৰ্মশালাত অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

বিহু কৰ্মশালা জামুগুৰিহাট