বালিজুৰিত বিহু কৰ্মশালাৰ সফল সামৰণী...

নদুৱাৰ অঞ্চলৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত যোৱা ২৫ মাৰ্চৰ পৰা দহ দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ শুকুৰবাৰে সফল সামৰণী পৰে ৷

author-image
Asomiya Pratidin
New Update
বিহু কৰ্মশালা...

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ অঞ্চলৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত যোৱা ২৫ মাৰ্চৰ পৰা দহ দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ শুকুৰবাৰে সফল সামৰণী পৰে ৷ বিগত দহটাকৈ দিনধৰি ঢোল, পেপা আৰু গগনাৰ মাতত ৰজনাই থাকি নাচনীৰ কঁকাল ভঙা নাচে শুৱনী কৰি থকা কৈলাশপুৰ খেলপথাৰ আজি যেন নিস্তব্ধ হৈ পৰিল ৷

অৱশ্যে ই আছিল বাপতি সাহোন ৰঙালী বিহুৰ আখৰাহে মাত্ৰ ৷ বিহুলৈ মাজত মাঁথো কেটামানহে দিন বাকী ৷ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষন প্ৰদান কৰা এই বিহু কৰ্মশালা খনিত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ  শতাধিক কণ কণ শিশু, কিশোৰ, কিশোৰী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি ঢোল বাদন, পেপা বাদন, বিহুনাম, জাপি নাচ, কাঁহী নাচ আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷  

বালিজুৰিৰ কৈলাশপুৰ খেলপথাৰত অনুষ্ঠিত বিহু কৰ্ম্মশালাৰ সামৰণি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজকৰ্মী লাল বাহাদুৰ লিম্বু,  নাৰায়ণ থাপা, জান শইকীয়া, লক্ষী শইকীয়া, যোগাই শইকিয়া আৰু দেৱ বৰা আদিকে ধৰি গন্য মান্য ব্যক্তি ৷ সামৰণি অনুষ্ঠানটিতে চাৰিগাঁও যুৱক সমাজৰ তফৰ পৰা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমানপত্ৰও প্ৰদান কৰা হয় ৷

jamugurihat