/asomiyapratidin/media/media_files/2025/07/11/whatsapp-image-20-2025-07-11-19-56-49.jpeg)
ডিজিটেল ডেস্ক : ঢোল-পেঁপা-গণনাৰ মাতেৰে মুখৰিত হৈ পৰিল লাচিত সংঘৰ বাকৰি। সামৰণি পৰিল সাতদিনীয়াকৈ আয়োজন কৰা ঢোল বাদন, পেঁপা বাদনৰ প্ৰশিক্ষণ শিবিৰৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/11/3-2025-07-11-20-04-25.jpg)
আজিৰ এই সামৰণি অনুষ্ঠান উপলক্ষে শিবিৰত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয় প্ৰশংসা পত্ৰ। তাৰোপৰি প্ৰশিক্ষাৰ্থীসকলে বিহুনাম পৰিৱেশনৰ লগতে ঢোল বাদন, পেঁপা বাদন কৰি উপস্থিত ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/11/1-2025-07-11-20-04-53.jpg)
উল্লেখযোগ্য যে, আজিৰ এই শিবিৰৰ সামৰণি উপলক্ষে এক অনুষ্ঠানৰো আয়োজন কৰা হয়। য’ত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া, প্ৰশিক্ষক বাবা কোঁৱৰ, মেৰিন গোস্বামীৰ লগতে লাচিত সংঘৰ সভাপতি কল্যাণ দত্তসহ আন আন বিষয়ববীয়াসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/11/2-2025-07-11-20-05-04.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us