ভাৰত-পাকিস্তানৰ যুদ্ধঃ অসমৰ প্ৰায়বোৰ বিহু অনুষ্ঠান বাতিলৰ সিদ্ধান্ত আয়োজক সমিতিৰ...

ভাৰত পাকিস্তানৰ মাজত শেহতীয়া যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহু অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ৰাজ্যৰ প্ৰায়বোৰ বিহু কমিটিয়ে বাতিল কৰিছে বিহুৰ অনুষ্ঠান।

New Update
bhhh

ডিজিটেল ডেস্কঃ ভাৰত পাকিস্তানৰ মাজত শেহতীয়া যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহু অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ৰাজ্যৰ প্ৰায়বোৰ বিহু কমিটিয়ে বাতিল কৰিছে বিহুৰ অনুষ্ঠান।

Advertisment

সামাজিক মাধ্যমত নগাঁৱত ১৮মেত নেহেৰুবালিত অনুষ্ঠিত হব লগা বসন্ত উতসৱ বাতিল কৰাৰ কথা সদৰি কৰিছে নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মাই। জিলাখনত বৰদৈচিলা বিহু শীৰ্ষক বিহু অনুষ্ঠানো বাতিল কৰাৰ কথা সদৰি কৰিছে আয়োজক সমিতিয়ে।

ইফালে ১৩, ১৪ আৰু ১৫মেত তিনিদিনীয়াকৈ আয়োজন কৰা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল কৰাৰ কথা এক বিবৃতিযোগে সদৰি কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক পংকজ ফুকনে।

দুলীয়াজানত শংকৰদেৱ সংঘই আয়োজন কৰা বিহুও বাতিল কৰা হৈছে। শিল্পী মানস ৰবীনেও বাতিল কৰিছে তেওঁৰ ৬টাকৈ বিহুৰ অনুষ্ঠান। অসমীয়া প্ৰতিদিন ডিজিটেলক মানস ৰবীনে জানিবলৈ দিয়া মতে, মাজুলী, দলগাওঁ, বিশ্বনাথ, বিহপুৰীয়া আৰু শিৱসাগৰত আছিল এই বিহুৰ অনুষ্ঠান।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেলক ৪০খনৰো অধিক বিহু আয়োজক কমিটিয়ে বিহু বাতিল কৰা কথা জানিবলৈ দিছে। 

পাকিস্তান