ওদালগুৰিত বিহুনাচ আৰু ঢোল বাদনৰ আখৰা…

ওদালগুৰি সাহিত্য সভা ভৱন প্ৰাংগণত অনুষ্ঠিত  উক্ত আখৰা আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে সদৌ ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক অখিল কলিতাই। 

author-image
Asomiya Pratidin
New Update
বিহু কৰ্মশালা

ডিজিটেল সংবাদ, ওদালগুৰি : সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ উদ্যোগত, ৬৮ সংখ্যক সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলন উদযাপন সমিতি আৰু ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মঙলবাৰৰ পৰা  ১০ এপ্ৰিললৈ বিহুনাচ আৰু ঢোল বাদনৰ আখৰাৰ শুভাৰম্ভ হৈছে। ওদালগুৰি সাহিত্য সভা ভৱন প্ৰাংগণত অনুষ্ঠিত  উক্ত আখৰা আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে সদৌ ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক অখিল কলিতাই। 

Advertisment

সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ যুটীয়া সাধাৰণ সম্পাদক বিতোপন দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বক্তব্য ৰাখি উদ্বোধক কলিতাই কয়- বিহু আমাৰ বাপতি সাহোন ইয়াৰ জৰিয়তে অসমীয়া জাতি সত্তাৰ জীয়াই ৰাখিব লাগিব। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই কিবা এটা শিকিব পাৰিব। 

ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন দাসে কয়- বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈ উদযাপন সমিতিয়ে গ্ৰহণ কৰা এনে প্ৰচেষ্টা আদৰণীয় । আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ সভাপতি খগেন চৌধুৰী, স্থায়ী সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰ, ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি গুণজিৎ দাস, উদযাপন  সমিতিৰ যুটীয়া সম্পাদক অজয় কলিতা, যুটীয়া সাংস্কৃতিক সম্পাদক নয়ন জ্যোতি দাস, চম্পক দাসকে ধৰি ভালেমান লোক উপস্থিত থাকে।

udalguri