অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বাসগৃহত হুঁচৰি প্ৰদৰ্শন

বিহুৰ এই আনন্দ উৎসৱত যোগ দিয়াত পিছ পৰি ৰোৱা নাই অৰুণাচল প্ৰদেশৰ স্থানীয় লোকসকলো। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱেও বিহুৰ আনন্দ উপভোগ কৰিলে ৰাজধানী ইটানগৰত। 

author-image
Asomiya Pratidin
New Update
web 4বিহুৰ আনন্দত অংশ ল'লে  পেমা খান্দুৱে

web 4বিহুৰ আনন্দত অংশ ল'লে পেমা খান্দুৱে

ডিজিটেল ডেস্ক : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উলহ-মালহেৰে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি থকা হৈছে। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো অসমীয়া লোকসকলে আনবছৰবোৰৰ দৰে এইবাৰো ৰঙালী বিহু উদযাপন কৰিছে। বিহুৰ এই আনন্দ উৎসৱত যোগ দিয়াত পিছ পৰি ৰোৱা নাই অৰুণাচল প্ৰদেশৰ স্থানীয় লোকসকলো। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱেও বিহুৰ আনন্দ উপভোগ কৰিলে ৰাজধানী ইটানগৰত। 

Advertisment
বিহুৰ আনন্দ উপভোগ কৰিলে পেমা খান্দুৱে
বিহুৰ আনন্দ উপভোগ কৰিলে পেমা খান্দুৱে

 

আছামিজ এছ'চিয়েছন ইটানগৰৰ বিহুৱা দলে মুখ্যমন্ত্ৰী পেমা খান্দুৰ আমন্ত্ৰণক্ৰমে বৃহস্পতিবাৰে সন্ধিয়া তেখেতৰ বাসগৃহত হুঁচৰি আৰু বিহু প্ৰদৰ্শন কৰে। আছামিজ এছ'চিয়েছন ইটানগৰৰ ব্যৱস্থাপনাত আয়োজন কৰা বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা ইটানগৰৰ কণ-কণ নাচনী আৰু ঢুলীয়াৰ লগতে আন জ্যেষ্ঠ অসমীয়া লোকসকলে মুখ্যমন্ত্ৰী পেমা খান্দুৰ বাসগৃহত পৰম্পৰাগত হুঁচৰি আৰু বিহু প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰী পেমা খান্দুক এছ'চিয়েছনৰ তৰফৰ পৰা বিহুৱান, জাপি আৰু বিহুৰ পিঠা প্ৰদান কৰা হয়। 

পেমা খান্দুৰ বাসগৃহত পৰম্পৰাগত হুঁচৰি
পেমা খান্দুৰ বাসগৃহত পৰম্পৰাগত হুঁচৰি

 

ইফালে মুখ্যমন্ত্ৰী পেমা খান্দুৱেও তেখেতৰ বাসগৃহত হুঁচৰি প্ৰদৰ্শন কৰা অসমীয়া বিহুৰ দলটিৰ প্ৰত্যেকজন সদস্যকে অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত মোনা আৰু বস্ত্ৰ উপহাৰ দিয়ে।

অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত মোনা আৰু বস্ত্ৰ উপহাৰ
অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত মোনা আৰু বস্ত্ৰ উপহাৰ

 

চমু ভাষণত মুখ্যমন্ত্ৰী পেমা খান্দুৱে সমগ্ৰ অসমীয়াক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে চুবুৰীয়া অসমৰ চহকী সংস্কৃতিৰো ভূয়সী প্ৰশংসা কৰে আৰু প্ৰত্যেক বছৰে তেখেতৰ বাসগৃহত বিহু প্ৰদৰ্শন কৰিবলৈ আছামিছ এছ'চিয়েছন ইটানগৰৰ সদস্যসকলক আহ্বান জনায়। এনেদৰে সাংস্কৃতিক বিনিময়ে দুয়োখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ বান্ধোন অধিক দৃঢ় কৰিব বুলি মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী পেমা খান্দুৱে প্ৰায় দহমিনিট ধৰি কান্ধত ঢোল লৈ সকলোৰে লগত মিলি বিহু নাচত অংশগ্ৰহণ কৰে।

পেমা খান্ডু অৰুণাচল প্ৰদেশ ৰঙালী বিহু উদযাপন