লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰলুইতৰ পাৰত বিহু নৃত্য...

জিলা প্ৰশাসনৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী,মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰলুইতৰ পাৰত শিক্ষক-শিক্ষয়িত্ৰীৰ বিহু নৃত্য
বৰলুইতৰ পাৰত বিহু নৃত্য
বৰলুইতৰ পাৰত বিহু নৃত্য

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বৰলুইতৰ পাৰত বুধবাৰে বিয়লি বীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তী উপলক্ষে টেট শিক্ষক-শিক্ষয়িত্ৰী তথা কস্তুৰবা বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শন কৰে।

দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৮ নবেম্বৰৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। বুধবাৰে বিয়লি প্ৰায় ৪ বজাত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰা বি এছ এফ কেম্পৰ কাষত থকা বৰলুইতৰ পাৰত টেট শিক্ষক-শিক্ষয়িত্ৰী, কস্তুৰবা বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে বিহু নৃত্য পৰিবেশন কৰে।

বীৰ লাচিত বৰফুকনৰ ওপৰত ৰচিত বিহু গীতৰ আধাৰত এই বিহু নৃত্য পৰিবেশন কৰে। বিশেষকৈ জিলাখনৰ চুকে-কোণে থকা চৰাঞ্চলৰ লোক সকলৰ মাজত বীৰ লাচিত বৰফুকনৰ জীৱনৰ চানেকি যাতে আগবঢ়াই দিব পাৰি তাৰ বাবে এই কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

টেট শিক্ষক-শিক্ষয়িত্ৰী, কস্তুৰবা বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ বিহু নৃত্য পৰিবেশন
টেট শিক্ষক-শিক্ষয়িত্ৰী, কস্তুৰবা বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ বিহু নৃত্য পৰিবেশন

মন কৰিবলগীয়া যে, বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে যোৱা ১৮ নবেম্বৰৰ পৰাই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে জিলা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে ইতিমধ্যে মাৰ্চ পাষ্ট কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰিও বিনামূলীয়া চিকিৎসা শিবিৰ, চাফাই অভিযান, বৃক্ষ ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে।

তদুপৰি খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত থকা ভূপেন হাজৰিকা মুকলি মঞ্চত বীৰ লাচিত বৰফুকন সম্পৰ্কে নিৰ্মাণ কৰা তথ্যচিত্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ অয়োজন কৰে। কাইলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত কণ্ঠশিল্পী নেকিবে গান পৰিবেশন কৰিব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে।

আৰু পঢ়কঃ ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত "মই লাচিতৰ দৰে হ'ম" শীৰ্ষক অনুষ্ঠান...

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in