পগলাপাৰ নৈৰ ঘাটত ঢোল পেঁপাৰ লহৰ

প্ৰকৃতিৰ ৰঙত ৰঙীন হোৱা এই বতৰেই হৈছে বসন্তৰ বতৰ। নৈ- গছ- বিহুৰ যেন এৰাব নোৱাৰা সম্পৰ্ক সেই তাহানিৰেই। এই গছ তলৰ বিহু আকৌ প্ৰাণ পায় উঠিল ধনশ্ৰীঘাটৰ পগলাপাৰ নদীৰ কোমল বালিচৰৰ বুকুত।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নৈ পাৰত প্ৰাণ পাই উঠিল গছতলৰ মুকলি বিহু

নৈ পাৰত প্ৰাণ পাই উঠিল গছতলৰ মুকলি বিহু

ডিজিটেল সংবাদ, ওৰাংঃ প্ৰকৃতিৰ ৰঙত ৰঙীন হোৱা এই বতৰেই হৈছে বসন্তৰ বতৰ। নৈ- গছ- বিহুৰ যেন এৰাব নোৱাৰা সম্পৰ্ক সেই তাহানিৰেই। এই গছ তলৰ বিহু আকৌ প্ৰাণ পায় উঠিল ধনশ্ৰীঘাটৰ পগলাপাৰ নদীৰ কোমল বালিচৰৰ বুকুত।

Advertisment

৪২ সংখ্যক ধনশ্ৰীঘাট আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত ১৭, ১৮ আৰু  ১৯ ব'হাগত অনুষ্ঠিত হৈছিল বিহু সন্মিলন খনি। ইয়াৰে ১৯ বহাগ শনিবাৰে ধনশ্ৰীঘাটৰ পগলাপাৰ নদীৰ শিৱ মন্দিৰ প্ৰাঙ্গণত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সংস্কৃতিক সমাৰোহ, ২০২৫ ৰ আয়োজন কৰা হয়। এই মুকলি বিহু প্ৰতিযোগিতাত  শিৱসাগৰ , যোৰহাট, লক্ষীমপুৰ, মঙলদৈ আদিৰ লগতে উজনি-নামনিৰ বহু কেইটা মুকলি বিহুৰ দলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক ৰিম্পী গগৈয়ে।

উজনি-নামনিৰ বহু কেইটা মুকলি বিহুৰ দলৰ অংশগ্ৰহণ
উজনি-নামনিৰ বহু কেইটা মুকলি বিহুৰ দলৰ অংশগ্ৰহণ

 

ইয়াৰ লগতে এইবাৰৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে সমৃদ্ধ তেজপুৰীয়া থেচপিয়ানৰ সাংস্কৃতিক দলটিক। লগতে লিমকা বুক অফ ৰেকৰ্ডচ, এচিয়া বুক অব ৰেকৰ্ডচ আৰু ইণ্ডিয়া বুক অব ৰেকৰ্ডচত নাম অন্তৰ্ভূক্ত কৰিব সক্ষম হোৱা অনন্ত দত্তৰ পেঁপাৰ চমকেৰে যোৰহাটৰ বৰ্হমথুৰি বিহু দলেও অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰে।

বিহু ওৰাং