বিহপুৰীয়াত ৩ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

বিভিন্ন ব্যক্তিৰ বেংক একাউণ্টৰ পৰা লুট কৰা ধন লেলদেনত মাধ্যম হিচাপে চাইবাৰ চক্ৰই ব্যৱহাৰ কৰিছিল লখিমপুৰৰ পথালিপাহাৰৰ যুৱক তিনিজনক ৷ তৃতীয় পক্ষ হিচাপে ব্যৱহৃত হৈছিল যুৱক কেইজন ৷ চক্ৰটোৱে লুট কৰা ধনৰাশি যুৱক কেইজনৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছিল ৷

author-image
Asomiya Pratidin
New Update
uu

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়াত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ৷ বিহপুৰীয়া আৰক্ষীৰ জালত ক্ৰমে পথালিপাহাৰৰ ভাৰ্গৱ তামুলী, মধুপুৰৰ নীলোৎপল দত্ত আৰু এক নম্বৰ মতীয়াৰ মিন্টু বৰা ৷ আন্তঃৰাজ্যিক চাইবাৰ চক্ৰৰ লগত জড়িত ধৃত যুৱকত্ৰয়।

Advertisment

বিভিন্ন ব্যক্তিৰ বেংক একাউণ্টৰ পৰা লুট কৰা ধন লেলদেনত মাধ্যম হিচাপে চাইবাৰ চক্ৰই ব্যৱহাৰ কৰিছিল লখিমপুৰৰ পথালিপাহাৰৰ যুৱক তিনিজনক ৷ তৃতীয় পক্ষ হিচাপে ব্যৱহৃত হৈছিল যুৱক কেইজন ৷ চক্ৰটোৱে লুট কৰা ধনৰাশি যুৱক কেইজনৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিছিল ৷

চক্ৰটোৱে টেলিগ্ৰাম এপৰ একাউণ্টযোগে যুৱককেইজনক বিভিন্ন ইউ পি আই আই ডি দিছিল ৷ উক্ত ধনৰাশি ইউ পি আই আই ডি সমূহলৈ কম কম পৰিমাণত পুনৰ প্ৰেৰণ কৰিবলৈ দিছিল ৷ বিনিময়ত যুৱককেইজনে লাভ কৰিছিল ১০ ৰ পৰা ২৫ হেজাৰ টকালৈকে কমিচন ৷

 বিহপুৰীয়া আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰে ভাৰ্গৱ তামুলীক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ অঞ্চলটোৰ অধিক যুৱক চক্ৰটোৰ লগত জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে ৷

চাইবাৰ অপৰাধী চাইবাৰ ক্ৰাইম