বিধায়ক অমিয় ভূঞাৰ ষড়যন্ত্ৰ ওফৰাই অৱশেষত গঠন হ’ল বিহপুৰীয়া পঞ্চায়ত

গঠন হ'ল বিহপুৰীয়া গাঁও পঞ্চায়ত। বিজেপিৰে ভূঞা বিৰোধী শিবিৰৰ ৱাৰ্ড সদস্য বিমল শইকীয়াক সভাপতি আৰু জুহি শইকীয়াক উপ সভাপতি হিচাবে লৈ আজি গঠন কৰা হয় বিহপুৰীয়া পঞ্চায়ত৷ 

author-image
Asomiya Pratidin
New Update
বিধায়ক অমিয় ভূঞাৰ ষড়যন্ত্ৰ ওফৰাই অৱশেষত গঠন হ’ল বিহপুৰীয়া পঞ্চায়ত

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিধায়ক অমিয় ভূঞা বাহিনীৰ দৰ্প চূৰ্ণ কৰি অৱশেষত গঠন হ'ল বিহপুৰীয়া গাঁও পঞ্চায়ত। বিজেপিৰে ভূঞা বিৰোধী শিবিৰৰ ৱাৰ্ড সদস্য বিমল শইকীয়াক সভাপতি আৰু জুহি শইকীয়াক উপ সভাপতি হিচাবে লৈ আজি গঠন কৰা হয় বিহপুৰীয়া পঞ্চায়ত৷ 

Advertisment

উল্লেখ্য যে যোৱা ৭ আৰু ১০ জুলাইত বিধায়ক অমিয় ভূঞাপন্থী হিচাবে পৰিচিত চাৰিগৰাকী ৱাৰ্ড সদস্যৰ অনুপস্থিতিৰ বাবে গঠন কৰিব পৰা নাছিল বিহপুৰীয়া গাঁও পঞ্চায়ত। অৱশেষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ নিৰ্দেশনাৰ ভিত্তিত ৬ গৰাকী ৱাৰ্ড সদস্যৰ উপস্থিতিতে আজি গঠন কৰা হয় বিহপুৰীয়া গাঁও পঞ্চায়ত।

ইপিনে ৭ জুলাইত বিধায়ক অমিয় ভূঞাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা ভূঞা বিৰোধী শিৱিৰৰ বিমল শইকীয়াই আজি সভাপতি হৈয়েই বিধায়ক গৰাকীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। উল্লেখযোগ্য যে বিহপুৰীয়া মণ্ডল বিজেপিৰ সম্পাদক জিতু বৰাক সভাপতি পাতিবৰ বাবেই বিধায়ক ভূঞাই বিভিন্ন কুট কৌশল গ্ৰহণ কৰাৰ পাছত বিভাগীয় নিৰ্দেশনাৰ ভিত্তিতে আজি বিহপুৰীয়া পঞ্চায়ত গঠন হোৱাত পঞ্চায়তবাসী উৎফুল্লিত হৈ পৰিছে৷ 

স্বাভাৱিকতেই ২০২৬ ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিহপুৰীয়া গাওঁ পঞ্চায়তৰ দৰে গুৰুত্বপূৰ্ণ এটা পঞ্চায়তত ভূঞা বিৰোধী শিৱিৰে দখল কৰা বিষয়টোৱে বিহপুৰীয়াৰ ৰাজনৈতিক মহলত চৰ্চিত হৈছে৷

বিহপুৰীয়া পঞ্চায়ত