/asomiyapratidin/media/media_files/2025/07/07/bihpuriya-7-2025-07-07-21-58-56.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া: বিহপুৰীয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত সাতখন গাওঁ পঞ্চায়তৰ পাঁচখন গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন আজি সম্পন্ন হৈ যায় । বিহপুৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ শপত গ্ৰহণ অনুষ্ঠানত ক্ৰমে বদতি জামুগুৰি গাঁও পঞ্চায়তৰ সভাপতি হিচাবে অঞ্জনা কুটুম,উপসভাপতি হিচাবে ব্ৰজেন ফুকন, বৰবালি পঞ্চায়তৰ সভাপতি হিচাবে ব্ৰজেন শইকীয়া, উপসভাপতি হিচাবে সুষ্মিতা দাস পূৱ ডিক্ৰং গাওঁ পঞ্চায়তৰ সভাপতি হিচাবে বিদ্যাৱতী লাহন, উপসভাপতি হিচাবে বিলাস চণ্ডী, গৰুবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি হিচাবে নিহাৰিকা হাজৰিকা, উপ সভাপতি হিচাবে পু-মনি দেউৰী,পথালি পাহাৰ গাওঁ পঞ্চায়তৰ সভাপতি হিচাবে লিপিকা ঠাকুৰ শইকীয়া উপ সভাপতি হিচাবে স্বৰ্ণস্মৃতি বৰা নিৰ্বাচিত হয়।
আনহাতে থুলৰ অভাৱত বিহপুৰীয়া আৰু বঙালমৰা গাওঁ পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ লগতে শপত গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা হয় । ইপিনে বিহপুৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি আজি বিহপুৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়ত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ।
বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ একাংশ গুণ্ডাবাহিনীয়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিশেষকৈ সভাপতি পদৰ দাবীদাৰ তথা বিজেপিৰ সামাজিক মাধ্যম কোষৰ সক্ৰিয় সদস্য বিমল শইকীয়াই পাচঁগৰাকী ৱাৰ্ড সদস্যাক অপহৰণ কৰি ৰখাৰ অভিযোগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিজেপিৰ একাংশ নেতা পালিনেতাই ৷
দুপৰীয়া বিহপুৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শপত গ্ৰহণৰ বাবে বিমল শইকীয়াসহ ছয় গৰাকী ৱাৰ্ড সদস্য উপস্থিত হোৱাৰ সময়তে অমিয় ভূঞা ফৈদৰ তথা সভাপতি পদৰ দাবীদাৰ আন এগৰাকী ৱাৰ্ড সদস্য জিতু বৰাৰ সমৰ্থকসকলে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷ জিতু বৰাৰ সমৰ্থক সকলে মহিলাসকলৰ পিছে পিছে বিভিন্ন কটু মন্তব্য কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷
ইতিমধ্যে দহ গৰাকী সদস্যৰ চাৰিগৰাকী সদস্যৰ অনুপস্থিতৰ বাবে আজিৰ শপত গ্ৰহণ কাৰ্যসূচী স্থগিত ৰাখে ৷ ইফালে সভাপতি পদৰ দাবীদাৰ বিমল শইকীয়াই বিধায়ক অমিয় ভূঞাই দুৰ্নীতিগ্ৰস্ত তথা বিজেপিৰ বিহপুৰীয়া মণ্ডলৰ সম্পাদক জিতু বৰাক সভাপতি পাতিবৰ বাবেই বিমল শইকীয়াৰ লগতে আন কেইগৰাকী ৱাৰ্ড সদস্য তথা আত্মীয়ক ধনৰ লোভ দেখুওৱাৰ লগতে ভয় ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে ৷
আনহাতে ৱাৰ্ড সদস্যা সকলেও তেওঁলোকক অপহৰণ নাই কৰা বুলি উল্লেখ কৰে ৷