/asomiyapratidin/media/media_files/2025/05/18/s84aJpAVb7ZvRtIIIKlV.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পুতুকণ কোঁৱৰ নামৰ এজন লোকৰ গুলীত নিহত হ'ল প্রণৱ গগৈ নামৰ এজন লোক। এই ঘটনা সংঘটিত হৈছে চেঁচা ৰাজগড়ত।
প্ৰাপ্ত তথ্য অনুসৰি, পাৰিবাৰিক কন্দলৰ বাবে ধলপুৰৰ ডুবিয়াল চুকত প্রণৱ গগৈৰ সৈতে সংঘাতত লিপ্ত হয় পুতুকণ কোঁৱৰ। সংঘাতৰ পিছত পুতুকণ কোঁৱৰে শূন্যলৈ দুই জাঁই গুলী চলাই উক্ত স্থানৰ পৰা পলায়ন কৰে। ৰঞ্জিত ৰাউত নামৰ আন এজন লোকলৈও গুলীচালনা কৰিছিল পুতুকণে।
কিন্তু দুৰ্ভাগ্যবশতঃ প্রণৱ গগৈৰ দেহত গুলী লগা ফলত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে সোধা-পোছাৰ বাবে আটক কৰিছে ৩গৰাকী লোকক। আটকাধীন লোক কেইজন ক্ৰমে, ৰঞ্জিত ৰাউত, কবিতা গগৈ ৰাউত, নৃপেন কোঁৱৰ।