চিকিৎসক হত্যাকাণ্ড : বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰতিবাদ

চিকিৎসক হত্যাকাণ্ড : বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চিকিৎসক হত্যাকাণ্ড : বিহপুৰীয়া মহাবিদ্যালয়ত প্ৰতিবাদ

ডিজিটেল সংবাদ,বিহপুৰীয়া: বিহপুৰীয়া মহাবিদ্যালয়ত আভ্যন্তৰীণ অভিযোগ কমিটিৰ (ICC)ৰ উদ্যোগত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কলিকতাৰ আৰ.জি.কৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসকৰ নৃশংস ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Advertisment

সন্ধিয়া ৬ বজাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী সমন্বিতে মহাবিদ্যালয়ৰ মুকলি মঞ্চত মম জ্বলাই চিকিৎসকগৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰে ৷ লগতে হাতে হাতে পোষ্টাৰ লৈ এনে কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তোলে ৷

Also Read: ৰাজ্য চৰকাৰক জৱাবদিহি ৰাষ্ট্ৰপতি ভৱনৰঃ ১৯টাকৈ কেলেংকাৰীৰ গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে

bihpuria collage protest