বিয়ালৈ গৈ থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ…

বিয়ালৈ গৈ থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ…

author-image
asomiyapratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্ক: দেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ মূলক ঘটনাৰ মাজতে বিহাৰৰ গয়া জিলাৰ পৰা এক নৃশংস ঘটনা পোহৰলৈ আহিছে। বিয়ালৈ গৈ থকা অৱস্থাত এগৰাকী কিশোৰী দলবদ্ধ বলাৎকাৰৰ স্বীকাৰ হয়। এই ঘটনা ১৯ এপ্ৰিলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি ১৯ এপ্ৰিলৰ নিশা প্ৰায় ৫ গৰাকী লোকে কিশোৰী গৰাকীৰৰ লগত দলবদ্ধ বলাৎকাৰ কৰে। কিশোৰী গৰাকী ঘৰৰ ওচৰৰে এখন বিয়ালৈ গৈ আছিল।

ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

rape bihar