/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/rape-case-city-bus-for-web-AP-full-no-ad-copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা। ইয়াৰ মাজতে এগৰাকী ৮ বছৰীয়া শিশু কামনাৰ বলি হয় কেইজনমান পাষাণৰ।
এই ঘটনা বিহাৰৰ বাংকা জিলাত সংঘটিত হৈছে। হোলীৰ দিনাই নিৰুদ্দেশ হোৱা এটি শিশুৰ মৃতদেহ শনিবাৰে নিশা উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
শিশুটিৰ পৰিয়ালৰ ভাষ্য অনুসৰি হোলীৰ দিনা দিনৰ প্ৰায় ২ মান বজাত শিশুটি বন্ধু-বান্ধৱীৰ লগত হোলী খেলি আছিল।কিন্তু তাৰ পাছতেই শিশুটি নিৰুদ্দেশ হয়।
বহু সময় ধৰি শিশুটিৰ কোনো তথ্য লাভ নকৰাত আৰক্ষীক খবৰ দিয়ে। তাৰপাছতেই নিশা এটা নলাৰ ওচৰৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুটিক দলবদ্ধ বলাৎকাৰ আৰু নৃশংসভাৱে হত্যা কৰা হৈছিল।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি গ'ম পাই যে শিশুটিত এটা অটো ৰিক্সা চালক সাগৰ ছোনীয়ে অপহৰণ কৰিছিল। বৰ্তমান পলাতক আছে সাগৰ।
আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটিৰ দেহত কোনো কাপোৰ নাছিল আৰু শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ ওলাই আছিল।শিশুটিৰ এটা চকুও নষ্ট কৰি দিয়া হৈছিল।শিশুটিৰ লগত দলবদ্ধ বলাৎকাৰ কৰা হৈছিল।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰিক্সা চালক ডোমন পাছৱানস অজয় বৰ্ণৱাল, শ্ৰীধৰ বৰ্ণৱালক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।লগতে অভিযুক্ত সাগৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।