Advertisment

কাৰ নেতৃত্বত বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এন ডি এয়ে ?

আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ এন ডি এ একত্ৰিত হৈ নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত দৃঢ়তাৰে যুঁজ দিব। বিহাৰৰ সকলো আসন এন ডি এয়ে দখল কৰিব।

author-image
Asomiya Pratidin
New Update
ZXC

ডিজিটেল ডেস্কঃ  বিহাৰত বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ উঠিছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যাৰ বাবে প্ৰস্তুতিত ব্যস্ত সকলো ৰাজনৈতিক দল আৰু মিত্ৰজোঁট।

Advertisment

ৰ্তমান বিহাৰত বিজেপি, জেডিইউ, এলজেপি, জিতন ৰাম মাঞ্জীৰ হাম আৰু আৰএলএছপিৰে গঠিত এনডিএ চৰকাৰ। যাক নেতৃত্ব দি আহিছে জে ডি ইউ নেতা নীতিশ কুমাৰে। দীৰ্ঘদিন ধৰি ৰাজ্যৰ বাঘজৰী দখল কৰি আহিছে নীতিশ কুমাৰে।

কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, পৰৱৰ্তী নিৰ্বাচনত এন ডি এৰ নেতৃত্ব কোনে ল'ব ? এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে দলীয় নেতৃত্ব সকল। 

আনহাতে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰে এয়া তেওঁৰ অন্তিম নিৰ্বাচন বুলি ঘোষণা কৰিছিল। ২০২০ৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম পৰ্যায়ৰ সময়ত পূৰ্ণেয়াত অনুষ্ঠিত এক সমাৱেশৰ সময়ত আৱেগিক হৈ পৰাৰ সময়তে এই ঘোষণা কৰিছিল নীতিশ কুমাৰে।

সম্প্ৰতি ৰাজ্যখনে পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, নীতিশ কুমাৰৰ পক্ষৰ বহু নেতাই তেওঁক পুনৰ নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে। বিগত কিছুদিন ধৰি সক্ৰিয় হৈ থকা নীতিশৰ পুত্ৰ নিশান্তেও মুকলিকৈ এই আহ্বানৰ সমৰ্থন জনাইছে। 

ইফালে শনিবাৰে হাজীপুৰত উপস্থিত হোৱা লোক জনশক্তি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে স্পষ্টভাৱে কয় যে, আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ এন ডি এ একত্ৰিত হৈ নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত দৃঢ়তাৰে যুঁজ দিব। তেওঁৰ নিৰ্দেশনাত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু বিহাৰৰ সকলো আসন এন ডি এয়ে দখল কৰিব।

ইয়াৰোপৰি চিৰাগে আৰু কয় যে, বিৰোধীয়ে হতাশাৰ বাবে বিভিন্ন ধৰণৰ উৰাবাতৰি বিয়পাইছে। আৰ জে ডি আৰু কংগ্ৰেছ দল দুৰ্বল হৈ পৰা ফলত এন ডি এ কো ভংগ কৰাৰ প্ৰয়াস কৰিছে।

বিহাৰ