বিহাৰ নিৰ্বাচনঃ কাইলৈ নিৰ্ধাৰণ হ'ব ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য

সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে।

New Update
1

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ'ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব। 

এই পর্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচীৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ এটা দল বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সাক্ষী হ’ব। দলটোত ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, বেলজিয়াম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড আৰু কলম্বিয়াৰ দৰে আগশাৰীৰ দেশসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকিব ৷

বিধানসভা নিৰ্বাচন বিহাৰ