/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/wine.jpg)
ডিজিটেল ডেস্ক : বিহাৰত সংঘটিত হৈছে ভয়কৰ ঘটনা। সুৰাপান কৰি দৃষ্টিশক্তি হেৰুৱালে বিহাৰৰ ২৫জন লোকে। আনহাতে, মৃত্যু মুখত পৰে ৯ জনকৈ লোক। শুকুৰবাৰে বিহাৰৰ চাৰণ জিলাত এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে সুৰাপায়ীয়ে সেৱন কৰা সুৰাখিনিত মিথানল ব্যৱহাৰৰ হৈ থকাৰ ফলত মিথানলৰ বিষক্ৰিয়া হৈ সুৰাপায়ীকেইজন অজ্ঞান হৈ পৰে।
স্থানীয় ৰাইজে শীঘ্ৰে পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ যায় যদিও ৯জন লোকৰ মৃত্যু হয়। সুৰা সেৱন কৰি মৃত্যু হৈছে নে নাই সেই বিষয়ে পৰীক্ষা কৰিবলৈ বিহাৰৰ ফুলৱাৰিয়া গাঁৱলৈ এটা চিকিৎসকৰ দল যোৱাৰ কথা সূত্ৰই প্ৰকাশ কৰিছে৷ লগতে ইয়াৰে ২৫ জন লোকে নিজৰ দৃষ্টিশক্তি হেৰুৱাইছে বুলি জানিবলৈ দিয়ে।
আৰু পঢ়ক : মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ সজাগতামূলক শৈক্ষিক শোভাযাত্ৰা…