২১ জন যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত...

দেৱালীৰ আগমুহুৰ্তত বিহাৰৰ ৰাজধানী পাটনাত সংঘটিত হয় এক ডাঙৰ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
২১ জন যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত...

ডিজিটেল ডেস্ক: দেৱালীৰ আগমুহুৰ্তত বিহাৰৰ ৰাজধানী পাটনাত সংঘটিত হয় এক ডাঙৰ দুৰ্ঘটনা। দেওবাৰে পুৱা গংগা নদীত এখন নাও ডুবি যায়। এই নাওখনত মুঠ ২১ জন লোক আছিল, যাৰ ভিতৰত ১৫ জন লোকক স্থানীয় ডুবাৰুৰ সহায়ত উদ্ধাৰ কৰা হৈছিল।

Advertisment

অন্যহাতে ৬ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকক বিচাৰি অভিযান অব্যাহত আছিল। ঘটনাস্থলীত কেইবাটাও উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছিল।

স্থানীয় লোকৰ মতে নাওখন দলঙৰ খুটাৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছল। পুৱা ৭ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো।

জানিব পৰা মতে ১২ ৰ পৰা ১৩ জন লোক গংগাৰ পানী ল'বলৈ নাওখনত বহি আছিল। স্থানীয় লোকৰ সহায়ত তেওঁলোকক আন এখন নাওৰ পৰা উদ্ধাৰ কৰা হৈছিল।

ganga boat accident bihar