/asomiyapratidin/media/media_files/2025/07/13/fdfdfdfd-2025-07-13-11-46-28.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ পাটনাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতাক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। পুনপুন ব্লকৰ পিপৰা থানা এলেকাৰ শ্বেখপুৰা গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। নিহত নেতাজনৰ নাম ৫২ বছৰীয়া সুৰেন্দ্ৰ কেৱাট বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, নিহত সুৰেন্দ্ৰ কেৱাট পুনপুনৰ বিজেপি কিষাণ মৰ্চাৰ সভাপতি আছিল। বাইক চলাই থকা দুজন দুষ্কৃতিকাৰীয়ে এটাৰ পিছত এটাকৈ চাৰিটা গুলী নিক্ষেপ কৰি তেওঁক গুলীয়াই হত্যা কৰে। ইফালে, ঘটনাৰ পিছতে সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে তেওঁক পাটনা এইমছলৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বিজেপি নেতাগৰাকীৰ। ইতিমধ্যে নেতাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বিহাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পথৰ কাষৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে।