/asomiyapratidin/media/media_files/2025/02/21/TQSRA28mI7Dwm0KOxK9Y.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ আৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা মহাকুম্ভৰ পৰা উভতি অহা পথত ভোজপুৰ জিলাৰ জগদীশপুৰ অঞ্চলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত ৬ জন লোক নিহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মোহনীয়া-আৰা ফোৰ লেনৰ দুলহিংগাঞ্জ-ইছাধিত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। নিয়ন্ত্ৰণ হেৰুৱা ফলত সংঘটিত এই দুৰ্ঘটনাতো ইমানেই ভয়াৱহ আছিল যে বাহনখনৰ বনেট আৰু ইঞ্জিন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত চালকজনৰ টোপনি অহা বুলি অনুমান কৰা হৈছে। যাৰ বাবে তেওঁ পথৰ কাষত ৰখাই থোৱা ট্ৰাকত পোনে পোনে গৈ খুন্দা মাৰে। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই চালকজনে সেই স্থানৰ পৰা পলায়ন কৰে।
ইফালে নিহত লোককেইজন চাপৰাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।