বিশ্বনাথত ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত...

অসমৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ জ্যেষ্ঠ বিষয়া বৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।

New Update
rfrfhh

ডিজিটেল সংবাজ, বিহালীঃ অসমৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ জ্যেষ্ঠ বিষয়া বৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত জিলাখনৰ বাবে বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ক্ষিপ্ৰতাৰে সম্ভাৱ্য বান পৰিস্থিতি  মোকাবিলা কৰি তাৎক্ষণিকভাৱে জনসাধাৰণক সকাহ দিব পৰাকৈ ল’বলগীয়া দূৰ্যোগ ব‍্যৱস্থাপনাৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰি জিলা প্ৰশাসনক মন্ত্ৰী গৰাকীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। বিশেষকৈ পূৰ্ব অভিজ্ঞতা অনুসৰি পৰিলক্ষিত হোৱা গহপুৰৰ ভয়াবহ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতিৰে সস্তম হৈ থাকিবলৈও জিলা প্ৰশাসনক মন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিয়ে। 

Advertisment

আনহাতে মন্ত্ৰী গৰাকীয়ে মিছন বসুন্ধৰা ৩.o আঁচনিৰ অগ্ৰগতি সম্পৰ্কেও আন এখন পৃথক পৰ্যালোচনা বৈঠকত মিলিত হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত মাননীয় মন্ত্ৰী গৰাকীয়ে ভূমি সংস্কাৰৰ অন্যতম্ আঁচনি বসুন্ধৰা ৩.০ বিশ্বনাথত কেনেদৰে অগ্ৰগতি লাভ কৰিছে তাৰ বুজ লোৱাৰ লগতে আঁচনিখনৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ যাৱতীয় নিৰ্দেশ প্ৰদান কৰে। 

আজিৰ এই দুয়োখন বৈঠকতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, বিশ্বনাথৰ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ  অধ্যক্ষ মুণিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱা, বিহালী সম-জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, গহপুৰ সম-জিলা আয়ুক্ত লুকুমনি বৰা, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া) অসীম বৰগোহাঁই, চক্ৰ বিষয়াসকলসহ ৰাজহ আৰু দুৰ্যোগ ব‍্যৱস্থাপনা বিভাগৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল ক্ৰমে লোক নিৰ্মাণ (পথ আৰু গৃহ), জলসম্পদ বিভাগ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী আৰু ৰাজ‍্যিক দুৰ্যোগ প্ৰশমন বাহিনী, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, স্বাস্থ‍্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, মীণ আৰু কৃষি বিভাগ আদিৰ বিষয়াসকল উপস্থিত আছিল।

কেশৱ মহন্ত