বিহালীত কাক দিব টিকট? আজি অসম সন্মিলিত মৰ্চাই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

বিহালীত কাক দিব টিকট? আজি অসম সন্মিলিত মৰ্চাই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

author-image
Asomiya Pratidin
New Update
বিহালীত কাক দিব টিকট?  আজি অসম সন্মিলিত মৰ্চাই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

ডিজিটেল ডেস্কঃ বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাই আজি পুৱা ১০ বজাৰ পিছত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব। হোটেল লিলিত যোৱা মঙলবাৰে বিয়লি অনুষ্ঠিত বৈঠকৰ পিছত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছিল মৰ্চাৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সংবাদমেলত ভূঞাই কয় যে, অসম সন্মিলিত মৰ্চাই বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছৰ হাইকমাণ্ডৰ সিদ্ধান্তলৈ বাট চাইছে।

Advertisment

মৰ্চাৰ শীৰ্ষ নেতৃত্বই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সৈতে বহুবাৰ কথা পাতিছে বুলিও জানিবলৈ দিয়ে। জিতেন্দ্ৰ সিঙেও সন্মিলিত মৰ্চাৰ সিদ্ধান্তৰ ওপৰতে গুৰুত্ব দিছে বুলিও ভূঞাই কয়। ''আমি এতিয়ালৈকে বিহালী সমষ্টিক লৈ দুখনকৈ প্ৰতিবেদন দাখিল কৰিছো। সেই প্ৰতিবেদনৰ ভিত্তিতে বুধবাৰে পুৱা ১০বজাৰ আগত কংগ্ৰেছে নিজৰ চূড়ান্ত সিদ্ধান্ত অৱগত কৰিব। তাৰপিছতে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ৰাজহুৱা কৰিম।’’-সংবাদমেলত এইদৰে কয় ভূঞাই।

বাহিৰত বহুত ধৰণৰ চৰ্চা চলি আছে যদিও বিজেপিক পৰাভূত কৰিবলৈ অসম সন্মিলিত মৰ্চাৰ দলসমূহে ২০২৬ পৰ্যন্ত ঐক্যৱদ্ধভাৱে থাকিবলৈ দৃঢ হৈ আছে বুলিও ভূঞাই সদৰী কৰে। সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিততে আজি বৈঠকখন অনুষ্ঠিত কৰা হৈছে বুলিও জানিবলৈ দিয়ে ভূঞাই।

তেওঁ কয় যে বৈঠকখনৰ জৰিয়তে বাহিৰৰ চৰ্চাসমূহে যাতে মৰ্চাৰ দলসমূহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে সেয়ে বৈঠকখন জৰুৰীভাৱে আহ্বান কৰা হৈছিল। কংগ্ৰেছ দলৰ পৰা এই পৰ্যন্ত ইতিবাচক সহাঁৰি পাই আছে বুলিও ভূঞাই জানিবলৈ দিয়ে। যোৱাকালিৰ সংবাদমেলত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ো উপস্থিত আছিল।

বিহালী