BIG BREAKING: বিহালীত বিবেক দাসে নাপায় টিকট...

BIG BREAKING: বিহালীত বিবেক দাসে নাপায় টিকট...

author-image
Asomiya Pratidin
New Update
BIG BREAKING: বিহালীত বিবেক দাসে নাপায় টিকট...

ডিজিটেল ডেস্কঃ বিবেক দাসে প্ৰাৰ্থিত্ব নাপায় বিহালীত। চৰ্তসাপেক্ষে কংগ্ৰেছে বিহালী সমষ্টি এৰিলে অসম সন্মিলিত মৰ্চাক। বিবেক দাসৰ পৰিৱৰ্তে আন এগৰাকী প্ৰাৰ্থী বিহালী সমষ্টিত থিয় কৰাব আন এগৰাকী প্ৰাৰ্থীক। আজি সংবাদমেলযোগে সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বিবেক দাসক প্ৰাৰ্থিত্ব দিবলৈ সন্মত নহয় কংগ্ৰেছ। সন্মিলিত মৰ্চালৈ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰৰ ভিত্তিতে প্ৰাৰ্থী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৰ্চাই।

বুধবাৰে দিনৰ ১২বজাত লুৰীণজ্যোতি গগৈয়ে সম্বোধন কৰিব সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীৰ নাম।

বিহালী