বিহালীত বিলাসী বাহনসহ আটক দুই গভাইত গৰু চোৰ

বিহালীত বিলাসী বাহনসহ আটক দুই গভাইত গৰু চোৰ

author-image
Asomiya Pratidin
New Update
বিহালীত বিলাসী বাহনসহ আটক দুই গভাইত গৰু চোৰ

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত বিগত কেইমাহৰ পৰা বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। বিহালী আৰক্ষী থানাই গোপন সূত্ৰৰ পম খেদি নিজ বিহালীৰ পৰা খেদি খেদি বিশ্বনাথ চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS 01 FR 5730 নাম্বাৰৰ এখন মাৰুটি চুযুকী ফ্ৰঙ্কচ বাহনৰ পৰা দুটা গৰুসহ নগাঁও জিলাৰ চামগুৰিৰ সোনালীবাৰীৰ মুক্তাৰ আলী (২৮), মহম্মদ ইম্ৰাজুল হক (১৮) নামৰ দুটা গভাইত গৰু চুৰক আটক কৰে ।

ইফালে, গৰু চুৰ দুটাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে, আন এটা ৰাহুল হক নামৰ গভাইত গৰু চোৰে পলায়ন কৰে। আৰক্ষীয়ে বিহালীৰ পৰা খেদি খেদি বিশ্বনাথ চাৰিআলিত গাড়ীখন জব্দ কৰে ।

bihali