/asomiyapratidin/media/media_files/2025/07/07/new-ap-web-4-11-2025-07-07-19-57-31.jpg)
ডিজিটেল সংবাদ বিহালীঃ দেওবাৰে পুৱা ৪ বাজি ৩০ মিনিটত বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকৰ্মী শিক্ষক ব্ৰজেন কুমাৰ দাসৰ মানসিক নিৰ্যাতনৰ বলি হৈ নিজা বাসগৃহত আত্মহননৰ দৰে চৰম পথ বাছি লোৱাৰ পিছত সমগ্ৰ বিশ্বনাথ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল৷ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায় আত্মহননৰ সংবাদ জুইৰ ফিৰিঙতিৰ দৰে জিলাখনত বিয়পি পৰা লগে লগে শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সৃষ্টি হয় বিহালীত৷
আনহাতে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহননৰ বিষয়টো বিহালী আৰক্ষীৰ অৱগত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰিও তাৎক্ষণিকভালৱে বাক্সা জিলাৰ বৰমাস্থিত নিজা বাসগৃহৰ পৰা হত্যাকাণ্ড অভিযোগত অভিযুক্ত মিলন দাসক বৰমা আৰক্ষীয়ে দেওবাৰে আটক কৰে৷ আনহাতে বিহালী আৰক্ষীয়ে হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসক আটক কৰে৷
ইপিনে, আজি বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সমাজে বিহালী প্ৰাথমিক শিক্ষাখণ্ড শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে বিহালীৰ সমজিলা কাৰ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিহালীৰ প্ৰতিবাদকাৰী শিক্ষক সমাজে একেমুখে শিক্ষা বিষয়া মিলন দাসক হত্যাকাৰী আখ্যাৰে আখ্যায়িত কৰি শিক্ষা বিষয়া মিলন দাসক এনকাউণ্টাৰ কৰাৰ দাবী তুলি বিহালীৰ আকাশ-বতাহ উত্তাল কৰি তোলে৷
শিক্ষক, কৰ্মচাৰী, অত্যাচাৰী শিক্ষা বিষয়া মিলন দাসক কঠোৰতম্ শাস্থি প্ৰদান কৰক, শিক্ষা বিষয়া মিলন দাসক এনকাউন্টাৰ কৰক, প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায় হত্যাকাণ্ডৰ উচিত বিচাৰ কৰক, মায়া দেৱী উপাধ্যায় হত্যাকাণ্ডৰে জড়িত অপৰাধী শিক্ষা বিষয়া মিলন দাস, সহকাৰী শিক্ষক ব্ৰজেন কু্মাৰ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰক আদি শ্ল'গানৰে বিহালী সমজিলা কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষক সমাজে৷
প্ৰতিবাদস্থলীত সমবেত প্ৰতিবাদী শিক্ষক সমাজৰ অভিযোগ যে, বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মিলন দাসে বহু দিনৰ পৰা প্ৰতিগৰাকী শিক্ষকক মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছে৷ আনহাতে প্ৰতিবাদকাৰী শিক্ষক সমাজে অভিযোগ উত্থাপন কৰে যে-বিহালীস্থিত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ ওপৰত বিদ্যালয়ৰ বিভিন্ন শিতানৰ ধন আত্মসাৎ কৰাৰ ভিত্তিহীন অভিযোগ কৰি অকথ্য মানসিক নিৰ্যাতন চলাই আহিছিল৷
পৰৱৰ্তী সময়ত এই অভিযোগ তদন্ত কৰাত প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ বিৰুদ্ধে উত্থাপিত ধন আত্মসাৎৰ অভিযোগ প্ৰমাণিত নহ'ল৷ কিন্তু; শিক্ষা বিষয়া মিলন দাসে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ক কাৰ্যালয়লৈ মাতি আনি বিভিন্ন সময়ত বিভিন্ন ধৰণৰে অশ্ৰাৱ্য গালি, গালাজৰে মানসিকভাবে অত্যাচাৰ চলোৱাত লজ্জিত হৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি আত্মহত্যা কৰাৰ পূৰ্বে এক চুইচাইড নোট লিখি থৈ যায়৷
এই চুইচাইড নোটত প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে নিজ বিদ্যালয় লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকৰ্মী শিক্ষক ব্ৰজেন কুমাৰ দাসে জালিয়াতিৰে বিদ্যালয়ৰ ধন আত্মসাৎ কৰি প্ৰধান শিক্ষয়ত্ৰীগৰাকীক বিপদত পেলোৱাৰ অভিযোগ উত্থাপন কৰি গৈছে মৃত্যুৰ পূৰ্বে৷ উল্লেখযোগ্য যে- বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে মিলন দাস জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে কৰ্মৰত আছিল৷
প্ৰাপ্ততথ্যমতে জালাহ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত মিলন দাসৰ অত্যাচাৰৰ সন্মুখীন হৈ মন্মথ দাস নামৰ এগৰাকী গাণনিক বিষয়া আৰু তালুকদাৰ উপাধীৰ এগৰাকী শিক্ষকে আত্মহত্যা কৰিছিল৷ আনকি বিগত ২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে শিক্ষা বিষয়া মিলন দাসে শিক্ষক, কৰ্মচাৰীৰ ওপৰত মাফিয়াগিৰিৰ চলাই অহাৰ প্ৰতিটো তথ্য সংবাদ মাধ্যমত তথ্যসহকাৰে ফাদিল হৈ আহিছে যদিও শিক্ষা বিষয়া মিলন দাসক কিছুদিনৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰাৰ বাহিৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা নাছিল৷
যদি সেইসময়তেই ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে শিক্ষক-কৰ্মচাৰী হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্টাৰ হোৱাৰ লগে লগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলেহেতেন নিশ্চিতভাৱে পুনৰ শিক্ষা বিষয়া মিলন দাসৰ অত্যাচাৰ-নিৰ্যাতনত তৃতীয় বাৰলৈ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ দৰে অতি অমায়িক, শান্ত মহিলাগৰাকীয় আত্মহত্যা কৰাৰ দৰে মৰ্মান্তিক ঘটনাৰ বলি হ'ব লগাত নপৰিলহেতেন৷ এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে, ইতিপূৰ্বে শিক্ষা বিষয়া মিলন দাসৰ নিৰ্যাতনত দুগৰাকীকৈ শিক্ষক-কৰ্মচাৰীয়ে আত্মহননৰ পথ লোৱাৰ ঘটনা তথ্যা পোহৰলৈ অহাৰ পিছতো শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ একোগৰাকী শিক্ষা বিষয়া হিচাপে পুনৰ যোগদান কৰি শিক্ষা বিভাগ পৰিচালনা কৰাৰ সুযোগ কেনেকৈ লাভ কৰিৱলৈ পাইছিল?
প্ৰশ্ন হয় শিক্ষা বিষয়া মিলন দাসে কি ৰহস্যজনক কাৰণ তথা কাৰ আশীৰ্বাদত হত্যাকাৰী অভিযোগত অভিযুক্ত হৈয়ো পুনৰ চাকৰি ঘূৰাই পাইছিল? তথ্যমতে, শিক্ষা বিষয়া মিলন দাসে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে যোগদান কৰাৰ পূৰ্বে বৰপেটা জিলাৰ ভবানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া কৰ্মৰত সময়ত কাৰ্যালয়ৰ ভিতৰত শিক্ষকৰ পৰা ধন উৎকোচ লোৱা অৱস্থাত কেমেৰাত বন্দী হৈছিল৷
জানিব পৰামতে বৰপেটা জিলাৰ ভবানীপুৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে কৰ্তব্যৰত সময়ত মিলন দাসে কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ জানিব পৰামতে বিগত ২ জানুৱাৰী ২০২৫ তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শিক্ষা বিষয়া মিলন দাসৰ উৎকোচ গ্ৰহণ কাণ্ডৰ ভিডিঅ' ফাদিল হোৱা কাণ্ড সন্দৰ্ভত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল৷
ইপিনে সম্প্ৰতি ৰাজ্যৰ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব মধুমিতা ভাগৱতীয়ে শিক্ষা বিষয়া মিলন দাসৰ উৎকোচ গ্ৰহণ কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ বৰপেটা জিলাৰ ভবানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে কৰ্তব্যৰত অৱস্থা হাতে-লোটে উৎকোচ লোৱা উিডিঅ' ফাদিল হোৱাৰ পিছত শাস্থিমূলক বদলি হিচাপে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাবে যোগদান কৰিছিল৷
বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া হিচাপে যোগদান কৰাৰ দিনৰে পৰা বিহালীৰ প্ৰায় সংখ্যক শিক্ষকৰ ওপৰত জপিয়াই পৰি নানান ধৰণে মানসিক নিৰ্যাতন চলাইছিল৷ অৱশেষত শিক্ষা বিষয়াগৰাকীৰ অত্যাচাৰ নিৰ্যাতন সহিব নোৱাৰি লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মায়া দেৱী উপাধ্যায়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি বৰ্ণাঢ্য জীৱন শেষ কৰি চিৰদিন চিৰকাললৈ ইহসংসাৰ ত্যাগ কৰে৷
এক কথাত শিক্ষা বিষয়া মিলন দাসৰ চাকৰি কৰা ঠাই সলনি হ'ল যদিও স্বভাৱ-চৰিত্ৰ তিলমানো সাল-সলনি নহ'ল বৰং বাক্সা জিলাৰ জালাহ শিক্ষাখণ্ড, বৰপেটা জিলাৰ ভবানীপুৰ শিক্ষাখণ্ডত শিক্ষক কৰ্মচাৰীৰ ওপৰত চলাই অহা অমানুসিক অত্যাচাৰ-নিৰ্যাতন কাৰ্য পূৰ্বতকৈ দুগুণে বাঢ়িল৷ যাৰ ফলত অতি ধুৰন্ধৰ শিক্ষা বিষয়া মিলন দাসৰ অত্যাচাৰত তৃতীয় গৰাকী শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে আত্মহত্যাৰ পথ বাচি ল'লে বুলি অভিযোগ কৰিছে বিহালীৰ শিক্ষাক সমাজে৷
ইফালে বিহালীৰ নাচবৰ নিবাসী তথা লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহনন ঘটনা সংঘটিত হোৱাৰ পিছতে বাক্সা জিলাৰ বৰমাৰ স্বগৃহৰ পৰা বৰমা আৰক্ষীয়ে আটক কৰি নিশা প্ৰায় ৯ মান বজাত বিহালী আৰক্ষী থানাৰ বৰমা আৰক্ষী থানাত উপস্থিত হোৱা আৰক্ষীৰ দলৰ হাতত হত্যাকাৰী অভিযোগত অভিযুক্ত শিক্ষা বিষয়া মিলন দাসক চমজাই দিয়ে৷ আনহাতে দেওবাৰে নিশা প্ৰায় ১১ মান বজাত মৃত প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ স্বামী দীপক উপাধ্যায়ে বিহালী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত বিহালী শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসৰ নাম উল্লেখ কৰি এক লিখিত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে৷
জানিব পৰামতে মৃত মায়া দেৱী উপাধ্যায়ৰ স্বামী দীপক উপাধ্যায়ৰ লিখিত এজাহাৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে ৬৭/২০২৫ গোচৰ নম্বৰত ১০৮/৩৫১(২)/৩(৫) ভাৰতীয় ন্যায় সংহিতা অধীনত এক গোচৰ ৰুজু কৰি শিক্ষা বিষয়া মিলন দাস আৰু শিক্ষক ব্ৰজেন দাসক গ্ৰেপ্তাৰ কৰি বিশ্বনাথৰ ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে৷ অতিগুৰুত্বপূৰ্ণ তথ্যটো হ'ল শিক্ষা বিষয়া মিলন দাসে কামৰূপ জিলাৰ ৰঙিয়াস্থিত বি এড কলেজৰ পৰা বি এড পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷
মিলন দাসে ৰঙিয়াস্থিত বি এড কলেজত বি এড পৰীক্ষা দিয়াৰ সময়ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা নিৰীক্ষণকাৰী এগৰাকীক শাৰীৰিক প্ৰহাৰ কৰাৰ দৰে জঘণ্য কাণ্ডও সংঘটিত কৰাৰ অভিযোগ আছে৷ ইপিনে আজি বিহালী প্ৰাথমিক শিক্ষাখণ্ড অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহত্যা ঘটনাৰ উচিত ন্যায় বিচাৰি বিহালীৰ শিক্ষক সন্মিলিত সমাজে বিহালী সমজিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ উপৰিও বিহালীৰ সামাজিক দল-সংগঠনৰ নেতৃত্বই ঘটনাৰ ন্যায় বিচাৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, ৰাজ্য শিক্ষা বিভাগৰ সচিব, শিক্ষামন্ত্ৰী আৰু শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তলৈ স্মাৰতপত্ৰ প্ৰেৰণ কৰে৷
সাংসদ ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া
বিহালী প্ৰাথমিক শিক্ষাখণ্ড অধীনৰ লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহত্যা প্ৰসঙ্গত বিহালী সমজিলা কাৰ্যালয় সন্মুখত বিহালীৰ শিক্ষক সমাজে সাব্যস্থ কৰা উত্তাল প্ৰতিবাদস্থলীত উপস্থিত হয় শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত৷ সাংসদ ৰঞ্জিত দত্তই প্ৰতিবাদকাৰী শিক্ষক সমাজক সাক্ষাৎ কৰি ঘটনাৰ বুজ লৈ হত্যাকাৰী অভিযোগত অভিযুক্ত শিক্ষা বিষয়া মিলন দাস আৰু বিহালীৰ কেটেলা পথাৰৰ নিবাসী লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসক কোনো প্ৰকাৰে, কোনো সুৰুঙাৰে সৰকি যাৱ নোৱাৰে বুলি আশ্বাস প্ৰদান কৰে৷
শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মা আৰু পৰিয়ালক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন বদ্ধপৰিকৰ বুলি কয়৷ সাংসদ ৰঞ্জিত দত্তই কয় যে, শিক্ষা বিষয়া মিলন দাসৰ অভৱ্য আচৰণ বিষয়টো দৃষ্টিগোচৰ হৈছিল৷
শিক্ষা বিষয়াগৰাকীৰ এনে অভৱ্য কাণ্ড কাৰখানাৰ অভিযোগ লাভ কৰাৰ পিছত বিহালী সমজিলা আয়ুক্তক শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল৷ তদুপৰি দুবাৰকৈ শিক্ষা বিষয়াগৰাকীক নিজ কাৰ্যালয়ত শিক্ষক সমাজক ভদ্ৰ আচৰণ-ব্যৱহাৰ কৰিবলৈ টানি অনুৰোধো কৰিছিল৷
সাংসদ ৰঞ্জিত দত্তক শিক্ষা বিষয়া মিলন দাসে অনাগত ভৱিষ্যতে সংযম ৰক্ষা কৰি শিক্ষক কৰ্মচাৰীক ভদ্ৰ ব্যৱহাৰ কৰা হ'ব বুলি আশ্বাস পৰ্যন্ত দিছিল৷ সাংসদ ৰঞ্জিত দত্তই প্ৰতিবাদস্থলীত কয় যে, ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে সাংসদ গৰাকীয়ে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহত্যা বিষয় সন্দৰ্ভত বাৰ্তালাপ কৰা হৈছে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘটনা সন্দৰ্ভত এক লিখিত ৰূপত বিৱৰণী বিচাৰিছে৷