লক্ষ্য উপ নিৰ্বাচনঃ এইবাৰ বিহালী ৰণক্ষেত্ৰত নামিব সাংসদ গৌৰৱ গগৈ...

লক্ষ্য উপ নিৰ্বাচনঃ এইবাৰ বিহালী ৰণক্ষেত্ৰত নামিব সাংসদ গৌৰৱ গগৈ...

Published on

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ পাঁচ বিধান সভা সমষ্টি অন্যতম আকৰ্ষণী সমষ্টি হ'ল বিহালী৷ ইতিমধ্যে বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটত বিধস্ত হৈছে বিজেপি৷ বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানত সংঘাতৰ জন্ম দিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তণ সভাপতি তথা বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই৷ ৰঞ্জিত দত্তই বিহালী বিধায়ক হিচাপে বিচাৰে নিজ পচন্দৰ প্ৰাৰ্থীক৷ যাৰবাবে বিহালীৰ প্ৰাক্তন বিধায়ক ,সাংসদ ৰঞ্জিত দত্ত পল্লৱলোচন দাসৰ প্ৰাৰ্থীত্ব বিৰোধ কৰিছে৷ ফলত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ মাজত বৃদ্ধি হৈছে ৰাজনৈতিক সংঘাত৷

ইপিনে, বিহালী বিজেপি প্ৰাৰ্থীত্ব সংঘাত মষিমূৰ কৰিবলৈ বিহালী উপ নিৰ্বাচনৰ প্ৰভাৰীৰ দ্বায়িত্বলৈ পীয়ুষ হাজৰিকা বিহালী পৰিভ্ৰমণ কৰি যোৱাৰ পিছতেই বিহালী উপ নিৰ্বাচনী ৰণ ক্ষেত্ৰত ভৰি থ'ৱলৈ সাজু হৈছে যোৰহাটৰ সাংসদ কংগ্ৰেছ নেতা গৌৰৱ গগৈ৷ কংগ্ৰেছ দলে বিহালী উপ নিৰ্বাচনৰ মুখ্য সেনাপতিৰ দ্বায়িত্ব অৰ্পন কৰাৰ পিছত প্ৰথমবাৰলৈ কাইলৈ অৰ্থাৎ ২১ আগষ্টত বিশ্বনাথত ভৰি দিব যেৰহাটৰ সাংসদ লেকসভাৰ উপ দলপতি গৌৰৱ গগৈ৷ কংগ্ৰেছ দলৰ যুৱনেতা গৌৰৱ গগৈয়ে ৷

সাংসদ গৌৰৱ গগৈয়ে বিহালী উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি বিহালীৰ মোনাবাৰীস্থিত গ্ৰীণ আছিয়ানা ৰিজৰ্টত এক সাংগঠনিত সভাত দলীয় নেতা কৰ্মীৰে প্ৰথম খন বৈঠকত ভাগ ল'ব বুলি জানিব পৰা গৈছে৷ উক্ত বৈঠকত কংগ্ৰেছ নিৰ্বাচনী কমিটিৰ সমন্বয়ক গৌৰৱ গগৈ , সদ্য অনুষ্ঠিত শোণিতপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী তথা সাধাৰন সম্পাদক প্ৰেমলাল গঞ্জু , প্ৰাক্তণ সাংসদ আৰ পি শৰ্মা ,ডাক্তৰ হেমহৰি পেগু আৰু সঞ্জু বৰুৱা উপস্থিত থাকিব৷

অৱশ্যে গৌৰৱ গগৈৰ এই বৈঠকতে বিহালী উপ নিৰ্বাচন কংগ্ৰেছ দলে সুকীয়াকৈ নিৰ্বাচনত অৱৰ্ত্তীণ হ'ব নে নাই আলোচনা কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি এই বৈঠকতে বিৰোধী মিত্ৰদল চিপিআই(এম-এল) দলক বিহালী আসন খন গতাই দিয়া হ'ৱনে মিত্ৰতাপূৰ্ণ নিৰ্বাচনত অৱৰ্ত্তীন হ'ৱ তাৰ সন্দৰ্ভতো আলোচনা হোৱাৰ অৱকাশ আছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in