/asomiyapratidin/media/media_files/2025/07/15/1-2025-07-15-10-54-10.jpg)
ডিজিটেল সংবাদ,বিহালীঃ যিসময়ত মাহৰ মূৰত টিউটৰ শিক্ষকে কোনোৱে ১০,৮০০ টকা কোনোৱে ১২,০০০ টকা পাৰিতোষিক লাভ কৰে সেই ধন কেইমুঠিও পাবলৈ প্ৰতিজন শিক্ষকে গাণনিক বিষয়া আনোৱাৰ হুছেইনক ৪০০ টকাকৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে।
জুন-জুলাই মাহত শিক্ষক সমাজে আনোৱাৰ হুছেইনক টকা নিদিয়াত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আজিকোপতি দৰমহা নোপোৱা বুলি অভিযোগ কৰিছে একাংশই। বিগত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে ৰাজ্যৰ একাংশ অপ্ৰাদেকৃতি প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজক টিউটৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিল ৷
সেই সময়ৰ পৰা বিহালী প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ গাণনিক বিষয়া আনোনাৰ হুছেইনে বিহালীৰ প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয় সমুহত টিউটৰ শিক্ষক হিচাপে কৰ্মৰত শিক্ষক সমাজৰ মাহেকীয়া পাৰিতোষিক কেইটা মুকলি কৰি দিয়াৰ বাবদ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
তাৰোপৰি উৎকোচ নাপালে অভিযুক্ত গাণনিক বিষয়া গৰাকীয়ে বিশ্বনাথ কোষাগাৰৰ চাৰ্ভাৰ ডাউন, বিল নিল, কোষাগাৰত বিষয়া নথকাৰ অনেক অজুহাত দিয়ে বুলিও অভিযোগ কৰে ভুক্তভোগীয়ে। কিন্তু; হুছেইনক টিউটৰ শিক্ষকে উৎকোচ হিচাপে ৪০০ টকাকৈ প্ৰদান কৰাৰ পিছতেই নাটকীয় ধৰণে কোষাগাৰৰ সকলো অসুবিধা-জটিলতা নিমিষতে দূৰ হৈ পাৰিতোষিক মুকলি হয় ৷
ইমানেই নহয়, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নৱাগত শিক্ষক সকলৰ চাকৰি জীৱনত অতি প্ৰয়োজনীয় চাৰ্ভিত বুক প্ৰস্তুতৰ নামতো চলিছে এখন মুকলি বেহা ৷ উত্থাপিত অভিযোগ মতে, চাৰ্ভিচ বুক বনোৱাৰ নামত একোজন শিক্ষক-কৰ্মচাৰীয়ে এই গৰাকী গাণনিক বিষয়াক প্ৰদান কৰিব লাগে ৫০০ টকাকৈ ধন ৷
নিৰ্ধাৰিত ধন আদায় নিদিলে প্ৰস্তুত নহয় চাৰ্ভিচ বুক ৷ গুৰুত্বপূৰ্ণ অভিযোগতো হ'ল, চলিত জুন-জুলাই মাহত বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয় সমূহত টিউটৰ শিক্ষক হিচাপে কৰ্মৰত শিক্ষক সমাজে পাৰিতোষিক কেইটা লাভৰ ক্ষেত্ৰত বিত্ত বিভাগৰ আৰ্থিক সন্মতি অনুমোদন নথকাৰ অজুহাতত বিশ্বনাথ কোষাগাৰৰ পৰা জুলাই মাহৰ পাৰিতোষ মুকলিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি অৱগত কৰি আৰ্থিক সন্মতি অনুমোদন আনিবলৈ গুৱাহাটীৰ বিভাগীয় কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ নামতো ধন বিচাৰিছিল আনোৱাৰ হুছেইনে ৷
আন এক অভিযোগ মতে, চলিত মাহত জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ হুছেইনক উৎকোচ নিদিয়া বাবে আজিকোপতি বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ৷ বিগত ২০২১ চনৰ মাৰ্চ মাহৰ পৰাই আনোৱাৰ হুছেইনে বিহালী প্ৰাথমিক শিক্ষাখণ্ডত এখন মুকলি বজাৰ চলাই থকাৰ অভিযোগ কৰিছে একাংশই।
দীৰ্ঘ দিন ধৰি অপ্ৰাদেশিকৃত বিদ্যালয়ত শিক্ষকতা কৰি অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ আগ্ৰহত টিউটৰ শিক্ষক হিচাপে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী হিচাপে স্বীকৃতি লাভৰে নূন্যতম পাৰিতোষিক কেইটাৰে দৈনন্দিন জীৱন -পৰিয়াল পোহপাল দি অহা টিউটৰ শিক্ষক সকলৰ পাৰিতোষিক কেইটা মুকলিৰ নামত উৎকোচ দিব লগা হোৱা বিষয়টোৱে বিতৰ্কৰ সূচনা কৰিছে।
বিতৰ্কৰ পাছতো নিজ মান-মৰ্যদা হানি নকৰাৰ স্বাৰ্থত গাণনিক আনোৱাৰ হুছেইনৰ অত্যাচাৰ সহ্য কৰি থাকিব লগা হৈছিল বুলি বিহালীৰ শোষিত-বঞ্চিত টিউটৰ শিক্ষক সমাজে মতপ্ৰকাশ কৰিছে ৷ টিউটৰ শিক্ষক সকলে- বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ হুছেইনৰ উৎকোচ গ্ৰহণৰ বিষয়টো তদন্ত কৰি ন্যায় বিচাৰৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক দাবী জনাইছে ৷
আনহাতে বিহালী শিক্ষাখণ্ড কাৰ্যালয়ৰ জ্যেষ্ঠ গাননিক বিষয়া আনোৱাৰ হুছেইনৰ বিৰূদ্ধে উত্থাপিত উৎকোচ গ্ৰহণৰ অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কয় যে, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত টিউটৰ শিক্ষক সমাজে মাহেকীয়া পাৰিতোষিক বিল বিশ্বনাথ কোষাগাৰত জমা দিয়াৰ নামত কোনো টিউটৰ শিক্ষকৰ পৰা লোৱা নাই, এই অভিযোগ সম্পূৰ্ণ অসত্য ৷
আনোৱাৰ হুছেইনে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষক সমাজৰ চাৰ্ভিচ বুক প্ৰস্তুতকৰণৰ নামত মই কোনো শিক্ষকৰ পৰা ধন লোৱাৰ অভিযোগ অস্বীকাৰ কৰি চাৰ্ভিচ বুক প্ৰস্তুতৰ নামত এখন বৃহৎ ধন লেনদেনৰ বজাৰ চলাৰ অভিযোগ উত্থাপন কৰে ৷
জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ হুছেইনে অভিযোগ উত্থাপন কৰে যে-, ইতিমধ্যে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়াদেৱী উপাধ্যায়ৰ আত্মহনন কাণ্ডৰে জড়িত হৈ ৰঙা ঘৰৰ ভাত খোৱা তদানীন্তন শিক্ষা বিষয়া মিলন দাসে শিক্ষকৰ চাৰ্ভিচ বুক প্ৰস্তুতৰ নামত একো গৰাকী শিক্ষকৰ পৰা ১৫০০ টকাকৈ ধন লাগিব বুলি কৈছিল ৷
তদুপৰি বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ ৪২ গৰাকী শিক্ষকক প্ৰধান শিক্ষক পদ প্ৰদানৰ নামতো এখন ধনৰ বজাৰ গঢ়াৰ পৰিকল্পনা কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আনোৱাৰ হুছেইনে অভিযোগ কৰে যে, তদানীন্তন শিক্ষা বিষয়া মিলন দাসে জ্যেষ্ঠ গাণনিক বিষয়া আনোৱাৰ হুছেইনক বিহালীৰ ৪২ গৰাকী শিক্ষকক প্ৰধান শিক্ষক পদৰ দ্বায়িত্ব প্ৰদানৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷
আনোৱাৰ হুছেইনে একেটা অৰ্ডাৰ কপিতে বিহালীৰ ৪৫ গৰাকী এছ আৰ ডি শিক্ষকৰ নাম সন্নিৱিষ্ট কৰি এক অৰ্ডাৰ প্ৰস্তুত কৰিছিল ৷ শিক্ষা বিষয়া মিলন দাসে জ্যেষ্ঠ গাননিক বিষয়া আনোৱাৰ হুছেইনক প্ৰত্যেক গৰাকী এছ আৰ ডি শিক্ষকৰ নামে সুকীয়া-সুকীয়াকৈ অৰ্ডাৰ প্ৰস্তুত কৰি শিক্ষা বিষয়াৰ মেজত দাখিলৰ নিৰ্দেশ দিছিল ৷ মিলন দাসে জ্যেষ্ঠ গাণনিক হুছেইনক প্ৰতি গৰাকী প্ৰধান শিক্ষক পদবী প্ৰাপ্ত এছ আৰ ডি শিক্ষকৰ পৰা ৫০০ টকাকৈ আদায় লৈ নিযুক্তি প্ৰদান কৰা হ'ব বুলি কৈছিল ৷
এতিয়া প্ৰশ্ন হ'ল, বিহালী প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যালয়ৰ ভিতৰত টিউটৰ শিক্ষক সমাজৰ মাহেকীয়া পাৰিতোষিক মুকলি, চাৰ্ভিচ বুক প্ৰস্তুতকৰণ আৰু আৰ্থিক সন্মতি অনুমোদনৰ নামত ধন লেনদেনৰ বৃহৎ বজাৰ চলাৰ গুৰুতৰ অভিযোগ ফাদিল হোৱাৰ পৰবৰ্তী সময়ত ৰাজ্যৰ শিক্ষমন্ত্ৰী ৰণোজ পেগুৱে কি ব্যৱস্থা গ্ৰহণ কৰিব?