Advertisment

বিহালীত মুন্নাভাই চিকিৎসকে প্ৰাণ ল'লে এজনৰ...

বিহালীৰ চেৰেলীয়াৰ অজয় মেডিকেল নামৰ ফাৰ্মাচী খনৰ অজয় কিষান ৰজত নামৰ ভুৱা চিকিৎসকজনে শ্ৰমিক কুৰবান আলিক এটা বেজী দিয়াৰ পিছতেই কুৰবান আলিৰ মৃত্যু হয় ৷ 

author-image
Asomiya Pratidin
New Update
w

ডিজিটেল সংবাদ, বিহালীঃ  বিহালীত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। ভুৱা চিকিৎসকে প্ৰাণ ল'লে এজনৰ। দৰং জিলাৰ খাৰুপেটীয়াৰ কুৰবান আলি (৩০) নামৰ এজন শ্ৰমিকৰ মৃত্যুৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে বিহালীত ৷ তথ্যমতে বিহালীৰ চেৰেলীয়াস্থিত ARB ইটাভাটাত কাম কৰিবলৈ আহিছিল কুৰবান আলি নামৰ শ্ৰমিকজন ৷

Advertisment

বিহালীৰ চেৰেলীয়াৰ অজয় মেডিকেল নামৰ ফাৰ্মাচী খনৰ অজয় কিষান ৰজত নামৰ ভুৱা চিকিৎসকজনে শ্ৰমিক কুৰবান আলিক এটা বেজী দিয়াৰ পিছতেই কুৰবান আলিৰ মৃত্যু হয় ৷ 
ইপিনে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে অজয় মেডিকেলৰ স্বত্বাধিকাৰী অজয় কিষান ৰজতক ১০৬/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত ১০৩ বিএনএছ ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২১ চেপ্তেম্বৰত বিহালী চেৰেলীয়াৰ নিবাসী অনিল ওৰাঙৰ পত্নী ৰাখী ওৰাঙ(২৪) নামৰ মহিলা গৰাকীক বলপূৰ্ৱক বেজী দিয়াত মহিলা এগৰাকীৰ মৃত্যু হৈছিল ৷ সেই সময়ত বিহালীৰ দল সংগঠনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ দাবী উত্থাপনৰে ফাৰ্মাচী খন ছীল কৰিবলৈ দাবী জনোৱাৰ ওপৰিও ফাৰ্মাচীখনত তলা লগাই দিছিল ৷

তাৰপিছত জিলা ঔষধ পৰিদৰ্শকৰ হস্তক্ষেপত পুনৰ ফাৰ্মাচী খন মুকলি কৰি নাৰ্চি হোমৰ দৰে চিকিৎসা চলাই আহিছিল ৷ জিলা ঔষধ বিভাগৰ পৰিদৰ্শক, বিশ্বনাথ জিলা প্ৰশাসনৰ হেমাহিৰ বাবে পুনৰ কুৰবান আলিৰ মৃত্যু হোৱা বুলি দাবী কৰি বিশ্বনাথ জিলা ঔষধ পৰিদৰ্শককো আটক কৰাৰ দাবী উত্থাপন কৰিছে ৷

বিহালী