বিহালীত চিপিআই(এম এল)ৰ কৰ্মী সভা: বিজেপিক বিহালীৰ পৰা উৎখাত কৰাৰ সংকল্প গ্ৰহণ

বিহালীত চিপিআই(এম এল)ৰ কৰ্মী সভা: বিজেপিক বিহালীৰ পৰা উৎখাত কৰাৰ সংকল্প গ্ৰহণ

author-image
Asomiya Pratidin
New Update
বিহালীত চিপিআই(এম এল)ৰ কৰ্মী সভা: বিজেপিক বিহালীৰ পৰা উৎখাত কৰাৰ সংকল্প গ্ৰহণ

ডিজিটেল সংবাদ,বিহালীঃ ৰাজ্যৰ ৫বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম হৈ থকাৰ সময়তে দেওবাৰে বিহালীত চিপিআই( এম এল) দলে ৱাৰ্ড ভিত্তিত কৰ্মী সভা অনুষ্ঠিত কৰি এই পৰিস্থিতিক আৰু অধিক উত্তাল কৰি তোলে। আজি বিহালীৰ বৰগাংস্থিত সমূহীয়া ৰংগমঞ্চত প্ৰচণ্ড গৰমক নেওচি বিহালী সমষ্টিৰ ১৭০ টা ৱাৰ্ডৰ পৰা সহস্ৰাধিক কৰ্মীৰ উপস্থিতত এক কৰ্মী সভা অনুষ্ঠিত হয়।

Advertisment

দলৰ জ্যেষ্ঠ সদস্য বৈষাকু ৰয় ঘাটোৱাৰ,প্ৰশান্ত গগৈ,প্ৰবোধ বৰুৱা,সত্যৱতী দাস,জয় শৰ্মা, চাহিদুল ইচলামৰ পৰিচালনাত অনুষ্ঠিত কৰ্মী সভাত দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাস,কেন্দ্রীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া, ৰাজ্যিক সদস্যা তথা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃনালী দেবী উপস্থিত থাকি বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজৰ সংগ্ৰামক বিধান সভাৰ মজিয়াত উত্থাপন কৰিবলৈ সমাগম উপ নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ মনোনিত প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয় যে, শেহতীয়া সাধাৰণ নিৰ্বাচনত দেশৰ জনসাধাৰণে বিজেপিৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। যোৱা ২০ বছৰে বিজেপি দলে বিহালী সমষ্টিক প্ৰতিনিধিত্ব কৰি সৰ্বদিশত বিহালীক পিচ পেলাই দিলে।

সভাত অতিথি হিচাপে চি, পি আই (এম) ৰ বিশ্বনাথ জিলা সমিতিৰ হৈ ধনেশ্বৰ বৰা, বিষ্ণু শৰ্মাই অংশগ্ৰহণ কৰে। সভাৰ আঁত ধৰে পৰিমল গোড়ে, সভাৰ উদ্দেশ্য বাখ্যা কৰে দলৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক নাৰায়ণ পৌড়েলে, আদৰণী ভাষণ প্ৰদান কৰে ৰাজ্যিক সদস্য লীলা শৰ্মাই আৰু চিপিআই (এম)ৰ ধনেশ্বৰ বৰা, দলৰ কেন্দ্ৰীয় সদস্য বলিন্দ্ৰ শইকীয়া,কৃষক মহাসভাৰ নেতা লক্ষীকান্ত কুৰ্মী, প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী মৃণালিনী দেৱীয়ে বক্তব্য প্ৰদান কৰে।

bihali