/asomiyapratidin/media/media_files/2025/02/24/8z3TWg1yZlaKu0BPE37K.jpg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ ক্ৰমান্বয়ে বৈদেশিক নীতি যথেষ্ট দুৰ্বল হৈ অহা পৰিলক্ষিত হৈছে। বাহিৰাকৈ সকলো ঠিকে থাকিলেও, ভিতৰি ভিতৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে চুবুৰীয়া ৰাষ্ট্ৰসমূহে। নেপাল, বাংলাদেশৰ দৰে ৰাষ্ট্ৰসমূহেই হৈছে ইয়াৰ উদাহৰণ। শেহতীয়াকৈ ভাৰতক এক ডাঙৰ আঘাত দি চীনৰ সৈতে মিতিৰালি বঢ়াইছে মালদ্বীপে।
মালদ্বীপ চৰকাৰ আৰু চীন চৰকাৰৰ অধীনস্থ এক অগ্ৰণী সংস্থাৰ সৈতে এক চুক্তি সম্পন্ন হৈছে। এই চুক্তি অনুসৰি, এতিয়াৰে পৰা মালদ্বীপৰ বাবে বিভিন্ন যুদ্ধ জাহাজৰ লগতে অন্যান্য ভিন্ন জাহাজৰ ডিজাইন আৰু নিৰ্মাণ কৰিব চীনে। উল্লেখ্য যে, এই চুক্তি প্ৰথমে সম্পাদন কৰিছিল ভাৰতৰ সৈতে। কিন্তু ২০২৩ত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব মহম্মদ মুইজুয়ে লাভ কৰাৰ পাছতে এই চুক্তি বাতিল কৰা হৈছিল।
চীনৰ সৈতে এই ঘনিষ্ঠতা বঢ়াৰ পাছতে ভাৰতৰ সামৰিক দিশত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ নৌসেনাৰ ভিন্ন ভিতৰুৱা তথ্য মালদ্বীপৰ জৰিয়তে লাভ কৰিব পাৰে চীনে। নিৰাপত্তা বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে, চীনে ভাৰতৰ ভিতৰুৱা তথ্য লাভ কৰিবলৈকে এনেদৰে মালদ্বীপৰ সৈতে ঘনিষ্ঠতা বঢ়াই এই চুক্তি সম্পাদন কৰিছে।
আনফালে এই চুক্তি অনুসৰি, চীনৰ অনুমতি অবিহনে সুৰক্ষাজনিত কোনো তথ্যই মালদ্বীপে অন্য দেশক প্ৰদান কৰিব নোৱাৰিব। মুঠৰ ওপৰত চীনে মালদ্বীপক নাগপাশত বন্দী কৰি জল সম্পদৰ ওপৰতে প্ৰতিষ্ঠিত মালদ্বীপৰ অৰ্থনীতিৰ ওপৰত দখল কৰিব বিচাৰিছে বুলি চৰ্চা হৈছে।