বিপদঘন্টা বজাই পুনৰ ১৩টা বৃহৎ‍ নদীবান্ধ নিৰ্মাণ হ'ব অৰুণাচলত, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন...

বিপদঘন্টা বজাই পুনৰ ১৩টা বৃহৎ‍ নদীবান্ধ নিৰ্মাণ হ'ব অৰুণাচলত, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন...

author-image
Asomiya Pratidin
New Update
বিপদঘন্টা বজাই পুনৰ ১৩টা বৃহৎ‍ নদীবান্ধ নিৰ্মাণ হ'ব অৰুণাচলত, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন...

ডিজিটেল ডেস্কঃ অৰুণাচলত ১৩টা বৃহৎ‍ নদীবান্ধ নিৰ্মাণত অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় কেবিনেটে। ১৭অক্টোবৰ, ২০২৪ৰ কেন্দ্ৰীয় কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি এই ১৩টা বৃহৎ‍ নদীবান্ধৰ পৰা ১২হাজাৰ ৭২৩মেগাৱাট বিদ্যুত উতপাদনৰ লক্ষ্য লোৱা হৈছে।

Advertisment

ভয়ংকৰ কথাটো হৈছে যে, চিয়াং, সোৱণশিৰি আৰু জীয়াভৰলীৰ উপ নৈ সমূহত নিৰ্মাণ কৰা হ’ব এই নদীবান্ধ সমূহ। এই আটাইকেইখন নদীৰ জলভাগ বৈ গৈছে অসমৰ মাজেৰে। উল্লেখ কৰা প্ৰয়োজন যে, গেৰুকামুখৰ জলবিদ্যুত প্ৰকল্পৰ ওপৰৰ অংশতো নিৰ্মাণ হ’ব এই ১৩টাৰ ভিতৰত এটা নদীবান্ধ।

সোৱণশিৰি নৈ আৰু ইয়াৰ উপনৈ কমলা নৈৰ ওপৰত হ’ব দুটা বান্ধ।  সোৱণশিৰি আপাৰ আৰু সোৱণশিৰি মিডিলত হব লগা নদীবান্ধৰ বাবে অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় কেবিনেটে। সোৱণশিৰি আপাৰ নদীবান্ধত ২০০০ মেগাৱট বিদ্যুৎ‍ উৎপাদনৰ লক্ষ্য লোৱাৰ লগতে  সোৱণশিৰি মিডিলত ১৮০০ মেগাৱট বিদ্যুৎ‍ উৎপাদনৰ লক্ষ্য লোৱা হৈছে।

আনজাও জিলাৰ লোহিত নদীৰ ওপৰতো হ’ব বৃহৎ‍ নদীবান্ধ।  কালাই-২ বৃহৎ‍ নদীবান্ধত ১২০০ মেগাৱট বিদ্যুৎ‍ উৎপাদনৰ লক্ষ্য লোৱা হৈছে।  ইয়াৰোপৰি অৰুণাচলত চিয়াং নদীত হ’ব আন ১০টা বৃহৎ‍ নদীবান্ধ।  ছিয়য়োমি জিলাত হ’ব ৫টা বৃহৎ নদীবান্ধ।  আন ৫টা বৃহৎ‍ নদীবান্ধ হ’ব দিবাং উপত্যকা জিলাত।  নেয়িং নদীবান্ধৰ জৰিয়তে ১০০০ মেগাৱট বিদ্যুৎ‍ উৎপাদনৰ লক্ষ্য। ইটালিন নদীবান্ধৰ জৰিয়তে ৩০৯৭ মেগাৱট বিদ্যুৎ‍ উৎপাদনৰ লক্ষ্য লোৱা হৈছে।

অৰুণাচল