আমেৰিকাৰ সংসদত গৃহীত হোৱা কি এই 'ৱান বিগ বিউটিফুল বিল'?

বৃহস্পতিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত ‘ৱান বিগ বিউটিফুল বিল’ প্ৰতিনিধি সদনত ২১৮-২১৪ ভোটেৰে গৃহীত হ'ল। এই বিলখনক ট্ৰাম্পৰ কাৰ্যকালৰ অন্যতম এক গুৰুত্বপূৰ্ণ কৃতিত্ব হিচাপে গণ্য কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
hjhjhj

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত ‘ৱান বিগ বিউটিফুল বিল’ প্ৰতিনিধি সদনত ২১৮-২১৪ ভোটেৰে গৃহীত হ'ল। এই বিলখনক ট্ৰাম্পৰ কাৰ্যকালৰ অন্যতম এক গুৰুত্বপূৰ্ণ কৃতিত্ব হিচাপে গণ্য কৰা হৈছে। ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছত গৃহীত হোৱাৰ পিছত বিলখন ৰাষ্ট্ৰপতিৰ চহীলৈ প্ৰেৰণ কৰা হৈছে। এই বিলখন ৪ জুলাইত আনুষ্ঠানিকভাৱে চহী হোৱাৰ সম্ভাৱনা আছে।

Advertisment

ইয়াৰ পিছতে হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, শুকুৰবাৰে সন্ধিয়া ৫ বজাত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ৮০০ পৃষ্ঠাৰ বিধেয়কত স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰিছে। 

উল্লেখযোগ্য যে, ২০১৭ চনত ট্ৰাম্প চৰকাৰে কৰা কৰ ৰেহাইক স্থায়ী ৰূপ দিয়াৰ উদ্দেশ্যে এই বিধেয়কখন অনা হৈছিল। ইয়াত অন্তৰ্ভুক্ত আছে:

  • প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ ৰেহাই।
  • জ্যেষ্ঠ নাগৰিকসকলে ৬০০০ ডলাৰ পৰ্যন্ত কৰ ৰেহাই পাব পাৰে।
  • চাইল্ড টেক্স ক্ৰেডিট ২২০০ ডলাৰলৈ বৃদ্ধি কৰিব পাৰি।
  • সীমান্ত সুৰক্ষাৰ বাবেও ৩৫০ বিলিয়ন ডলাৰ ব্যয়ৰ ব্যৱস্থা।

বিধেয়কখনৰ মূল দিশসমূহ হৈছে-
কৰ ৰেহাই আৰু ৰেহাই বৃদ্ধি:
কৰ ব্যৱস্থাত ব্যাপক পৰিৱর্তন আনি মধ্যবিত্ত আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অধিক ৰেহাই নিশ্চিত কৰা হৈছে।
চিকিৎসা আৰু খাদ্য সাহায্য হ্ৰাস:
এই বিলত মেডিকেইড আৰু খাদ্য সহায় প্ৰকল্পত খৰছ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে।
ঋণ সীমা বৃদ্ধি:
দেশৰ সামগ্ৰিক ঋণৰ সীমা ৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ দিশে আগবঢ়া হৈছে।
সামৰিক আৰু সীমান্ত ব্যয় বৃদ্ধি:
সামৰিক খণ্ড আৰু সীমান্ত সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধিক বাজেট অনুমোদন কৰা হৈছে।

এই বিলখনৰ গৃহীত হোৱাটো ট্ৰাম্পৰ কাৰ্যকালৰ অন্যতম বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা ড’নাল্ড ট্ৰাম্প