Advertisment

কঠীয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন…

শুকুৰবাৰে নগাঁও জিলাৰ কঠীয়াতলীত, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কঠিয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

কঠীয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন

ডিজিটেল সংবাদ, কামপুৰ : শুকুৰবাৰে নগাঁও জিলাৰ কঠীয়াতলীত, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কঠিয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হৈ যায়। উক্ত সভাত পুৰণি কমিটিখন ভংগ কৰি জিতেন্দ্ৰনাথ হাজৰিকাক সভাপতি, বাচেদ আলী আৰু শশী বৰদলৈক উপ-সভাপতি, কুকিল দাসক সম্পাদক, ভোগেশ্বৰ বৰুৱা আৰু দিপাংঙ্কৰ বৰদলৈক সহকাৰী সম্পাদক হিচাপে মনোনীত কৰা হয়।  

Advertisment

আনহাতে সাংগঠনিক সম্পাদক হিচাপে অতুল চন্দ্ৰ কাকতি আৰু ৰামধন বৰা, একেদৰে কোষাধ্যক্ষ হিচাপে কৃষ্ণ দাস, প্ৰচাৰ সম্পাদক হিচাপে শান্তনু কুমাৰ শৰ্মা আৰু মুক্তিকাম লস্কৰক মনোনীত কৰা হয়। ইয়াৰ উপৰি সাংস্কৃতিক সম্পাদক ৰিংকু বৰা, পত্ৰিকা সম্পাদিকা অমিয়া শইকীয়াক লৈ এখনি পূৰ্ণাংগ কমিটি গঠন কৰা হয়। 

আজিৰ সভাই পূৰ্ণাঙ্গ কমিটিখনত উপদেষ্টা হিচাপে ঘন বৰদলৈ, নলিনী মোহন বৰা, ৰজত ৰাজখোৱা, পোনাৰাম বৰুৱা, সুৰুজ কৌৰ, ভীষ্মদূৰ্লভ মহন্ত,  বন মালী বৰা, অশ্বিনী কুমাৰ পাল আৰু মদন বৰাক মনোনীত কৰে। সভাত সভাপতিত্ব কৰে ভীষ্মদূৰ্লভ মহন্তই আৰু সভাখন আঁত ধৰে ৰজত ৰাজখোৱাই । উক্ত সভাত কঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ বহু কেইগৰাকী সদস্য-সদস্যা উপস্থিত থাকে।

Kathiyatoli Kathiyatali press club