/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3a5c8808-0967-4c65-8d74-cd06ab36283f/046934ee_0435_4d68_872d_5bf0727736e9.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম বিজ্ঞান সমিতিৰ ২০২৫ বর্ষৰ ৫৫ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন ঢকুৱাখনাত অনুষ্ঠিত হব । দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত এই সিধান্ত সন্দৰ্ভত অৱগত কৰা হয় । অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সভাপতি চেনিৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰধান সচিব মৃণাল কুমাৰ হাজৰিকা প্ৰেৰিত এখন পত্ৰ পাঠ কৰি সমিতিৰ আজীৱন সদস্য আৰু বিষয়ববীয়া সকলৰ এই সন্দৰ্ভত মতামত গ্ৰহণ কৰে ।
গুৰুত্বপূৰ্ণ সভাখনত শাখা সমিতিৰ সম্পাদক দ্বিগেন্দ্র নাথ হাজৰিকা, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া ডঃ অমল চন্দ্ৰ দত্ত, সক্ৰিয় বিষয়ববীয়া দেৱজিৎ ফুকন, লিখন বুঢ়াগোহাঁই , পূৰ্ণানন্দ গগৈ , ভোলানাথ গগৈ , পদ্মা বৰা, প্ৰফুল্ল চুতীয়াকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সদস্য আৰু আজীৱন সদস্য উপস্থিত থাকে । সভাত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনখন ঢকুৱাখনা শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় সমিতিয়ে প্ৰেৰণ কৰা প্ৰস্তাৱক ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই অতি উচ্ছাসেৰে আৰু আদৰেৰে গ্ৰহণ কৰি ৰাজ্যিক সমিতিক কৃতজ্ঞতা জনায় ।
সভাত বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক ৰাজ্যিক অধিৱেশনখন অহা ২০২৫ বর্ষৰ মাৰ্চ মাহত ৩ দিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে অধিবেশনখন সুচাৰো ৰূপে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ ওপৰত প্ৰাৰম্ভিক আলোচনা কৰা হয়। সভাই ঢকুৱাখনা শাখাৰ সন্মতিসূচক প্ৰস্তাৱ অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ক জনোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে।
তাৰোপৰি পৰৱৰ্তী সময়ত অনুষ্ঠিতব্য শাখাৰ বৈঠকত এখন ৰাজহুৱা সভা আহ্বান কৰি উদযাপন সমিতি গঠন কৰাৰ বাবে সভাই শাখা সমিতিৰ কৰ্মকৰ্তা সকলক দায়িত্ব ন্যস্ত কৰে । উল্লেখযোগ্য যে অহা বর্ষৰ মাৰ্চ মাহত অনুষ্ঠিতব্য ৰাজ্যিক অধিবেশনত অসম বিজ্ঞান সমিতিৰ স্বীকৃতিপ্ৰাপ্ত মুঠ ১৩৫ খন শাখাৰ ৪ শতাধিক প্ৰতিনিধিৰ লগতে বহু সংখ্যক বিজ্ঞানমনস্ক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰা হয় ।